ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ গ্ৰেপ্তাৰ কৰিলে কুখ্যাত খালিস্তানি সন্ত্ৰাসবাদী হৰপীত সিং ওৰফে হেপ্পীক ৷ দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰে কুখ্যত সন্ত্ৰাসবাদী জনক ৷
মালয়েছিয়াৰ পৰা দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা সময়তে গ্ৰেপ্তাৰ কৰে এনআইএ ৷ ২০২১ চনত পঞ্জাৱৰ লুধিয়ানা আদালত চৌহদ বিস্ফোৰণ গোচৰত অভিযুক্ত আছিল মষ্ট ৱান্টেড হৰপ্ৰীত ৷ চৰকাৰে পলাতক অপৰাধী হৰপ্ৰীতৰ মূৰৰ মূল্য আছিল ১০ লাখ টকা ঘোষণা কৰিছিল ।
হৰপ্ৰীতৰ গ্ৰেপ্তাৰ সন্দৰ্ভত এনআইএ কয় যে ,‘‘মালয়েছিয়াৰ ৰাজধানী কায়ালালামপুৰৰ পৰা দিল্লী বিমানবন্দৰলৈ অহা হৰপ্ৰীতক সূত্ৰৰ পৰা পোৱা খবৰৰ ভত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৷ অমৃতসৰৰ বাসিন্দা হৰপ্ৰীত বব্বৰ খালচা আৰু খালিস্তান লিবাৰেচন ফ’ৰ্চৰ দৰে কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত আছে ৷’’
হৰপ্ৰীতে উগ্ৰপন্থী সংগঠন আন্তৰ্জাতিক শিখ যুৱ ফেডাৰেচনৰ সৈতে যোগাযোগ স্থাপন কৰিছিল ৷ ২০২১ বৰ্ষৰ ২৩ ডিচেম্বৰত খালিস্তানি উগ্ৰপন্থী সংগঠনে লুধিয়ানা আদালত চৌহদত হোৱা বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছিল ৷ এই বিস্ফোৰণ কাণ্ডৰ লগত পঞ্জাৱ আৰক্ষীৰ এজন বৰ্খাস্ত হোৱা কনিষ্টবল গগনদীপ সিং জড়িত আছিল ৷ বিস্ফোৰণটোত গগনদীপ নিহত হৈছিল ৷
ইয়াৰ পিছতে জাৰ্মানীত আত্মগোপন কৰি থকা অৱস্থাত আন এজন সন্ত্ৰাসবাদী জচবিন্দৰ সিং মুলতানিক এনআইএ গ্ৰেপ্তাৰ কৰে ৷ ধৃত জচবিন্দৰ সিং মুলতানি নিষিদ্ধ মৌলবাদী সংগঠন শিখছ ফৰ জাষ্টিছৰ সক্ৰিয় সদস্য ৷ ইয়াৰ পিছত এনআয়এ দাবী কৰিছিল যে এই বিস্ফোৰণত ব্যৱহৃত আইইডিৰ যোগানধৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল