Thursday, November 7, 2024
Homeৰাজনৈতিককিয় ক্ষমা বিচাৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱলে ?

কিয় ক্ষমা বিচাৰিলে বলিউডৰ জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱলে ?

ডিজিটেল ডেস্ক, ANEWS24X7: বঙালী সম্প্ৰদায়কলৈ বিতৰ্কিত মন্তব্য কৰি বিতৰ্কত জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱল ৷ ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল জনপ্ৰিয় অভিনেতা পৰেশ ৰাৱলে ৷ গুজৰাটৰ নিৰ্বাচনী সভাত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ গৈ বিতৰ্কিত মন্তব্য কৰিছিল অভিনেতাজনে ৷

অভিনেতাজনে নিৰ্বাচনী সভাত মুদ্ৰাস্ফীতি সন্দৰ্ভত মন্তব্য কৰি কয় যে, ‘‘গুজৰাটৰ জনতাই মুদ্ৰাস্ফীতি সহ্য কৰিব কিন্তু কাষত ‘‘বাংলাদেশী আৰু ৰহিংগীয়া’’ নহয় ৷গেছৰ চিলিণ্ডাৰবোৰ ব্যয়বহুল, কিন্ত সেইবোৰৰ মূল্য হ্ৰাস পাব ৷ ৰাইজে নিযুক্তি পাব ৷ কিন্তু যদি ৰহিংগীয়া প্ৰব্ৰজনকাৰী আৰু বাংলাদেশীসকলে দিল্লীৰ দৰে চাৰিওফালে বাস কৰা আৰম্ভ কৰে তেন্তে কি হ’ব ? গেছ চিলিণ্ডাৰৰ সৈতে আপোনালোকে কি কৰিব? সেইসকল বাঙালীৰ বাবে মাছ ভাজিব নেকি?”

অভিনেতাজনৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতে সামাজিক মাধ্যযোগে ক্ষমা বিচাৰে অভিনেতাজনে ৷

অভিনেতাগৰাকীয়ে ক্ষমা বিচাৰি কয় যে ,‘‘ তেওঁ অবৈধ বাংলাদেশী তথা ৰহিংগিয়াসকলৰ প্ৰসংগত হে উক্ত মন্তব্য আগবইছিল ।যদি তেওঁ সেইসকলৰ অনুভূতিক আঘাত হানিছে তেন্তে সেইসকল ৰাইজৰ ওচৰত ক্ষমা বিচৰিছো ।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments