ডিজিটেল ডেস্ক, ANEWS24X7: ইডিয়ে গ্ৰেপ্তাৰ কৰিলে ছত্তীশগড়ৰৰ মুখ্যমন্ত্ৰী ভূপেল বাঘেলৰ উপ সচিবক ৷ বিত্তীয় দুৰ্নীতিৰ গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী বাঘেলৰ উপ সচিব সৌম্য চৌৰাছিয়া ৷ বিত্তীয় দুৰ্নীতিৰ গোচৰত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত চৌৰাছিয়াৰ বসগৃহত ইডিয়ে অভিযান চলাইছিল ৷
ছত্তীশগড়ৰ উচ্চ পদস্থ আমোলাজনৰ গ্ৰেপ্তাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ভূপেল বাঘেলে ৷ বাঘেলে এই ঘটনাটোক ৰাজনৈতিক প্ৰতিহিংসা বুলি অভিহিত কৰিছে ৷ বাঘেলে কয় যে ,‘‘ছত্তীশগড়ত কংগ্ৰেছ চৰকাৰ উৎখাত কৰাৰ চেষ্টা কৰা হৈছে ৷ঘটনাটোৰ দুবছৰ পিছত সৌম্যক গ্ৰেপ্তাৰ কৰা হৈছে ।’’
উল্লেখ্য যে ,বিগত বৰ্ষৰ জুন মাহত আয়কৰ বিভাগে কৈছিল ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত এটা হাৱালা ৰেকেট পোৱা গৈছে ৷ প্ৰায় ১০০ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ ক্ষেত্ৰত , বৃহৎ পৰিমাণৰ ধনৰ লেনদেনৰ কোনো বেংক দস্তাবেজ নাই ৷’’