ডিজিটেল ডেস্ক, ANEWS24X7: বিপদত তেলেংগনাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতা ৷ দিল্লী আবকাৰী কেলেংকাৰী গোচৰ সন্দৰ্ভত সোধ-পোছৰ বাবে মাতি পঠিয়াইছে কেন্দ্ৰীয় তদম্তকাৰী সংস্থা চিবিআইয়ে ৷ ৬ ডিচেম্বৰত দিল্লীৰ চিবিআই কাৰ্যালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে ৷
কবিতাই দিল্লীৰ পৰিৱৰ্তে হায়দৰাবাদত সোধ-পোছৰ সন্মুখীন হ’বলৈ আবেদন কৰিছিল ৷ চিবিআইয়ে খাৰিজ কৰিছে কে কবিতাৰ আবেদন ৷ এই সন্দৰ্ভত কে কবিতাই কয় যে ,‘‘ সোধ-পোছৰ বাবে দিল্লীলৈ মাতি পঠোৱা হৈছে ৷ মই চিবিআইৰ পৰা জানিব বিচাৰিছো যে দিল্লীৰ পৰিৱৰ্তে হায়দৰাবাদত হাজিৰ হোৱাটো সম্ভৱ নেকি ৷’’
উল্লেখ্য যে, টিআৰএছ নেতা কে কবিতাই শেহতীয়াকৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত পোনপটীয়া আক্ৰমণ চলাইছিল ৷
আনহাতে তেলেংগনা চৰকাৰে হায়দৰাবাদ উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰি তেলেংগনাত চিবিআই তদন্ত দিয়াৰ সাধাৰণ সন্মতি প্ৰত্যাহাৰ কৰিছিল ৷