Tuesday, April 28, 2026
Homeআন্তঃৰাষ্ট্ৰীয়বিৰল ৰোগত আক্ৰান্ত হলিউডৰ কণ্ঠ শিল্পী চেলিন ডিয়ন

বিৰল ৰোগত আক্ৰান্ত হলিউডৰ কণ্ঠ শিল্পী চেলিন ডিয়ন

ডিজিটেল ডেস্ক,ANEWS24X7: দুৰাৰোগ্য ৰোগত আক্ৰান্ত হলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চেলিন ডিয়ন ৷ নব্বৈৰ দশকত টাইটানিক চলচ্চিত্ৰৰ কলজয়ি গীত ‘মাই হাৰ্ট উইল গো অন’ গানটোৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা চেলিন ডিয়ন এক বিৰল স্নায়বিক ৰোগত আক্ৰান্ত হৈছে ৷‘ষ্টিফ পাৰ্চন চিণ্ড্ৰোম’ নামৰ এক বিৰল ৰোগত আক্ৰান্ত হৈছে।

সামাজিক মাধ্যমৰ যোগেদি কণ্ঠশিল্পী গৰাকীয়ে সদৰী কৰে এই কথা ৷ বৃহস্পতিবাৰে এক চেলিন ডিয়নে এটা ইষ্টাগ্ৰাম পষ্ট কৰিছিল ৷ চেলিনে কয় যে, ‘ষ্টিফ পাৰ্চন চিণ্ড্ৰম’ নামৰ এটা ৰোগ তাইৰ শৰীৰত থিতাপি লৈছে ৷ 

এই ৰোগবিধ সাধাৰণতে মধ্যবয়সীয়া লোকসকল এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰভাৱিত হয় অৰু ৰোগটোৰ ফলত শৰীৰৰ বিভিন্ন পেশী জঠৰ হৈ পৰে। ৰোগীয়ে খোজ কাঢ়িব বা কথা পাতিব পৰা ক্ষমতাও হেৰুৱাব পাৰে।এই ৰোগত মানুহ মূৰ্তিৰ দৰে স্থবিৰ হৈ পৰে।  কথা কোৱা বা খোজ কঢ়া বন্ধ হৈ আহে।

শিল্পীগৰাকীয়ে দাবী কৰে যে এই ৰোগবিধ অতিকৈ বিৰল ৷ প্ৰতি ১০ লাখ লোকৰ ভিতৰত এজন এই ৰোগত আক্ৰান্ত হয়। ৰোগটোৰ আক্ৰমণৰ বাবে তেওঁৰ গান গোৱাটো কঠিন হৈ পৰিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments