অসমৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন বলীউডৰ অভিনেত্ৰী আলিয়া ভাট। ইনষ্টাগ্ৰাম ষ্ট’ৰীযোগে অভিনেত্ৰীগৰাকীয়ে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত কৰিছে বিশেষ মন্তব্য।
আলিয়া ভাটে লিখিছে, ‘‘বৰ্তমান দেশৰ বহু অংশত বানৰ বিভীষিকা চলি আছে, আৰু সৰ্বাধিক ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে অসম। ৰাজ্যখন এক অত্যন্ত কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। ৬০গৰাকীতকৈ অধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। লাখ লাখ লোক গৃহহীন হৈ পৰিছে। অসংখ্য পৰিয়ালে হেৰুৱাইছে নিজৰ ঘৰ, মাটি, জীৱ-জন্তু… আনকি কিছুমানে নিজৰ অতি আপোনজনকো।’’
‘‘প্ৰতিবছৰে এই পৰিস্থিতি আহে, তথাপি আমি যেন প্ৰতিবাৰেই অপ্ৰস্তুত হৈ পৰোঁ।’’ ‘‘এইমুহূৰ্তত অসমক তাৎক্ষণিক সাহায্যৰ প্ৰয়োজন। আৰু এই বিপৰ্যয়ৰ পৰা সম্পূৰ্ণৰূপে উদ্ধাৰ হ’বলৈ ৰাজ্যখনক দীৰ্ঘম্যাদী সহায়-সহযোগিতাৰো প্ৰয়োজন।’’
‘‘আপুনি যদি ভাবি আছে কেনেকৈ সহায় কৰিব পাৰে, তেন্তে অহা কেইদিনমানত গ্ৰাউণ্ডত নামি কাম কৰি থকা বিভিন্ন সংস্থাৰ জৰিয়তে বানপীড়িতসকলক কেনেদৰে সহায় কৰিব পাৰি, সেই বিষয়ে মই কিছু তথ্য ভাগ-বটোৱাৰা কৰিম।’’
