অৱশেষত বানত সন্ধানহীন টুটুমণি দুৱৰাৰ মৃতদেহ উদ্ধাৰ৷ শিমলুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত অভয়পুৰীয়া গাঁৱৰ বাসিন্দা আছিল টুটুমণি দুৱৰা। বিগত ১৯ জুলাইৰ প্ৰলয়ংকৰী বানত উটুৱাই নিছিল টুটুমণি দুৱৰা।
কেৱল টুটুমণি দুৱৰাই নহয়, বানে উটুৱাই নিছিল একেটা পৰিয়ালৰ ৪গৰাকীকৈ লোকক। কিছুদিন পূৰ্বে উদ্ধাৰ হৈছিল বিদিশা দুৱৰা আৰু দুই ভাতৃ বিদ্যুৎ দুৱৰা ,বিপ্লৱ দুৱৰা মৃতদেহ। আজি কিছুসময় পূৰ্বে টুটুমণি দুৱৰা মৃতদেহ উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে প্ৰয়লংকৰী বানে চৰাইদেউৰ অভয়পৰীয়া গাঁৱৰ একে পৰিয়ালৰ চাৰিগৰাকী লোকক লৈ গৈছিল উটুৱাই। হঠাৎ অহা বাঢ়নী পানীত উটি গ’ল মাতৃ, কন্যাসহ দুই পুত্ৰ। সেইনিশা হঠাতে অহা বাঢ়নী পানীয়ে অভয়পুৰীয়া গাঁও প্লাবিত কৰিছিল, ৰোহিনী দুৱৰা নামৰ লোকজনৰ ঘৰতো সোমাইছিল পানী। ঘৰত পানী সোমোৱাত ওখ ঠাইত আশ্ৰয় ল’বৰ বাবে ওলাই আহে পৰিয়ালটো।সেই সময়তে কোবাল সোঁতে উটুৱাই নিছিল ৰোহিনী দুৱৰাৰ পত্নী টুটুমণি দুৱৰা আৰু কন্যা বিদিশা দুৱৰাক। ঘটনাৰ খবৰ পাই দুই পুত্ৰ বিদ্যুৎ দুৱৰা আৰু বিপ্লৱ দুৱৰাই পানীত নামি মাতৃ আৰু ভগ্নীক বিচাৰি ওলাই গৈছিল, তেনে সময়তে পানীৰ সোঁতে দুই ভাতৃকো উটুৱাই নিছিল।
