জুবিন গাৰ্গৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ৰাজগড়ত সাংবাদিক, লেখক তথা সাংস্কৃতিক কৰ্মী হেমন্ত শৰ্মাৰ নিজা প্ৰচেষ্টাৰে নিৰ্মাণ কৰা ‘জুবিন ক্ষেত্ৰ’ আজি জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গে মুকলি কৰে। বিভিন্ন ধৰ্মৰ ধৰ্মগুৰু আৰু ধৰ্মীয় ব্যক্তিসকলে নিজ নিজ ধৰ্মীয় ৰীতি-নীতিৰে প্ৰাৰ্থনা, মন্ত্ৰোচ্চাৰণ আৰু আশীৰ্বাদ প্ৰদান কৰে।
গৰিমা শইকীয়া গাৰ্গে ৰাজগড়ৰ সৈতে জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া স্মৃতিৰ কথা উল্লেখ কৰি সকলোৰে বাবে এই স্থান মুকলি থাকিব বুলি কয়। আনহাতে, প্ৰতিষ্ঠাপক হেমন্ত শৰ্মাই কয় যে জুবিন গাৰ্গৰ স্মৃতি কোনো এটা স্থানত সীমাবদ্ধ হৈ নাথাকক—জাতি, বৰ্ণ, ভাষা আৰু ধৰ্মৰ ঊৰ্ধ্বত প্ৰতিটো ঘৰ, গাঁও আৰু অঞ্চলত সৰুকৈ হ’লেও ‘জুবিন ক্ষেত্ৰ’ গঢ়ি উঠক। মন্দিৰ, মছজিদ, গীৰ্জা, গুৰুদ্বাৰৰ দৰে জুবিন গাৰ্গৰ স্মৃতি আৰু দৰ্শনৰ বাবেও এনে স্থানৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে কোনো ব্যক্তিগত বা প্ৰতিষ্ঠানিক অনুদান নোলোৱাকৈ নিজৰ সামৰ্থ্যৰে ‘জুবিন ক্ষেত্ৰ’খন নিৰ্মাণ কৰিছে হেমন্ত শৰ্মাই। বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ মাজেৰে মুকলি হোৱা এই স্থানটো জুবিন গাৰ্গৰ অসাম্প্ৰদায়িক আৰু মানৱীয় দৰ্শনৰ এক সৰু প্ৰতীক হিচাপে পৰিগণিত হৈছে।
