Friday, September 11, 2026
Homeঅসমমাহটোৰ আৰম্ভণিতে তিনিটা ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাহটোৰ আৰম্ভণিতে তিনিটা ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাহটোৰ আৰম্ভণিতে তিনিটা ডাঙৰ সিদ্ধান্তৰ কথা সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে জনালে তিনিটা ডাঙৰ সিদ্ধান্ত।আজি অসমৰ যুৱপ্ৰজন্ম, দক্ষতা বিকাশ আৰু বানপীড়িত পৰিয়ালৰ স্বাৰ্থত ৩টাকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে। যুৱক-যুৱতীৰ নতুন আশাক শক্তি যোগাবলৈ ‘মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি’, জাপানী ভাষাৰ প্ৰশিক্ষণৰ জৰিয়তে সংস্থাপনৰ নতুন দুৱাৰ মুকলি কৰিব চি এম-ফ্লাইটে আৰু বানপীড়িত প্ৰতিটো পৰিয়ালৰ কাষত থিয় হৈ অব্যাহত থাকিব অন্তৰ্ৱৰ্তীকালীন সাহায্য।

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জড়িয়তে সদ্যস্নাতকসকলক এবছৰলৈ মাহে ২৫০০ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব। এই বছৰ ১১৮.৬ কোটি টকা বিতৰণ কৰা হ’ব এই আঁচনিৰ জৰিয়তে।CM-FLIGHT জাপানী ভাষাৰ প্ৰশিক্ষণৰ জৰিয়তে প্ৰশিক্ষাৰ্থীক তিনিটা কিস্তিত ১ লাখ টকাক দিয়া হ’ব। নিযুক্তি লাভ কৰাৰ পিছত ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব।

আন এটা ডাঙৰ সিদ্ধান্ত হ’ল অৱশিষ্ট বানপীড়িত লোকৰ বাবে অন্তৰ্ৱৰ্তীকালীন সাহায্য প্ৰদান। ইয়াৰ জৰিয়তে ১২,২৫৯টা পৰিয়াললৈ আগবঢ়োৱা হ’ব ১৫ হাজাৰ টকাকৈ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments