দেশৰ প্ৰতি কিমান ভালপোৱা থাকিলে এগৰাকী পিতৃয়ে পুত্ৰক হেৰুৱাৰ দুখৰ মাজতো ক’ব পাৰে—
“মোৰ পুত্ৰৰ বিয়োগত দুখ লাগিছে, কিন্তু গৌৰৱো কৰিছোঁ… কাৰণ মোৰ পুত্ৰই দেশৰ বাবে প্ৰাণ আহুতি দিলে।”
এয়া এগৰাকী গৌৰৱী পিতৃৰ ভাষ্য।
দেশৰ বাবে প্ৰাণ আহুতি দিয়া অসমৰ বীৰ জোৱান, শদিয়াৰ কুণ্ডিল নঝিয়া গাঁৱৰ ভাৰতীয় সেনাবাহিনীৰ জোৱান ইন্দ্ৰজিৎ বৰুৱা।
শদিয়া সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কুণ্ডিল নঝিয়া গাঁৱৰ ইন্দ্ৰজিৎ বৰুৱা কৰ্মৰত আছিল ভাৰতীয় সেনাবাহিনীত।
পঞ্জাৱ-হাৰিয়ানা সীমান্তৰ আম্বালা অঞ্চলত কৰ্মৰত জোৱানগৰাকীয়ে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ এক গুৰুত্বপূৰ্ণ আৰু গোপনীয় প্ৰকল্পৰ সৈতে জড়িত আছিল বুলি জানিবলৈ দিছে পৰিয়ালে।
পিতৃৰ ভাষ্য অনুসৰি, ইন্দ্ৰজিৎ মেকানিকেল বিভাগত এক গুৰুত্বপূৰ্ণ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কামত নিয়োজিত আছিল। বিশেষ নিৰাপত্তাজনিত কাৰণত এই সামগ্ৰী কেৱল নিশাৰ ভাগতহে বাহিৰলৈ উলিয়াই অনা হৈছিল।
আৰু তেনে সময়তে কৰ্মৰত অৱস্থাত দুৰ্ঘটনাবশতঃ পিছলি পৰি ইন্দ্ৰজিৎ বৰুৱাই প্ৰাণ হেৰুৱায় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে।
“ডাঙৰ পুত্ৰক হেৰুৱাই দুখ লাগিছে। কিন্তু তাৰ লগতে গৌৰৱো কৰিছোঁ। কাৰণ মোৰ পুত্ৰই দেশৰ বাবে প্ৰাণ আহুতি দিলে।”
এজন পিতৃৰ বাবে পুত্ৰক হেৰুৱাৰ বেদনা কিমান গভীৰ, সেয়া ভাষাৰে প্ৰকাশ কৰাটো কঠিন।
কিন্তু সেই দুখৰ মাজতো দেশৰ প্ৰতি থকা শ্ৰদ্ধা আৰু পুত্ৰৰ ত্যাগৰ প্ৰতি থকা গৌৰৱে যেন সকলো বেদনা অতিক্ৰম কৰিছে।
উল্লেখ্য যে ইন্দ্ৰজিৎ বৰুৱাৰ পিতৃও ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত চুবেদাৰ মেজৰ।
ইফালে, দুপৰীয়া শ্বহীদ জোৱানগৰাকীৰ নশ্বৰ দেহ শদিয়াৰ নিজা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।
শেষবাৰৰ বাবে আপোনজনক চাবলৈ বাসগৃহত সমবেত হয় অসংখ্য লোক।
ভাৰতীয় সেনাবাহিনীৰ তৰফৰ পৰাও শ্বহীদ জোৱানগৰাকীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে আনুষ্ঠানিকভাৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
এজন পুত্ৰক হেৰুৱাৰ দুখ…
এজন পিতৃৰ চকুত অশ্ৰু…
আৰু সেই অশ্ৰুৰ মাজতো দেশৰ বাবে পুত্ৰৰ ত্যাগক লৈ গৌৰৱ।
ইন্দ্ৰজিৎ বৰুৱাৰ এই ত্যাগে শদিয়াৰ লগতে সমগ্ৰ অসমবাসীৰ হৃদয়ত এক গভীৰ শ্ৰদ্ধাৰ ছাপ এৰি গ’ল।
দেশৰ মাটিৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰ জোৱান ইন্দ্ৰজিৎ বৰুৱাক সশ্ৰদ্ধ প্ৰণাম।
শ্বহীদৰ ত্যাগ অমৰ হওক।
