ডিজিটেল ডেস্ক, ANEWS24X7: ‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী । ২০১৯ চনৰ আজিৰ দিনটোতে আৰক্ষীৰ গুলীত নিহত হৈছিল ছেম ষ্টেফৰ্ড ।
কা’ আন্দোলনত ছেম ষ্টেফৰ্ডৰ লগতে শ্বহীদ হৈছিল আন ৪ জন । শ্বহীদ হৈছিল দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আৰু দ্বীপাঞ্জল দাস ।
সোমবাৰে মহানগৰীৰ হাতীগাঁও হাইস্কুলত কা’ আন্দোলনৰ পাঁচ গৰাকী শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অয়োজন কৰা হ? । সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ’য় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে ,আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য , আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা , আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা , গৰিমা গাৰ্গকে আদি কৰি ভালে সংখ্যক লোক উপস্থিত থাকে ।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি আছুৰ সভাপতি উৎপল শৰ্মাই কয় যে, ‘‘আজিৰ দিনটোতে কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত ক’লা আইন জাপি দিছিল। আন্দোলন চলি আছে, চলি থাকিব। ৰাজপথৰ আন্দোলনৰ লগতে চলিব আইনী যুঁজ। কা’ বাতিল নোহোৱালৈকে আছুৰ প্ৰতিবাদ অব্যাহত থাকিব। শ্বহীদসকলে ধেমালিতে আন্দোলন কৰিবলৈ অহা নাছিল। জাতিক ৰক্ষা কৰিবলৈ আহিছিল। চৰকাৰে এতিয়ালৈ শ্বহীদৰ পৰিয়ালক সংস্থাপন দিয়া নাই। শ্বহীদৰ পৰিয়ালৰ সংস্থাপনৰ ব্যৱস্থা কৰক।’’