ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামিৰ পত্নী তথা বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী হাছিন জাহানে ইনষ্টাগ্ৰামত দিলে এক বিশেষ পষ্ট । পষ্ট দিয়াৰ পিছতে সমগ্ৰ দেশ জুৰি সৃষ্টি হৈছে তীব্ৰ চৰ্চা ।
ইনষ্টাগ্ৰামৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এক বিশেষ আহ্বান জনাইছে অভিনেত্ৰী গৰাকীয়ে।
হাছিন জাহানে ইনষ্টাগ্ৰামত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ উদেশ্য কৰি লিখে যে ,
আমাৰ দেশ , আমাৰ সন্মান । মই ভাৰতক ভাল পাওঁ । আমাৰ দেশৰ নাম কেৱল হিন্দুস্তান বা ভাৰত হ’ব লাগে । মাননীয় প্ৰধানমন্ত্ৰী , মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছো যে ইণ্ডিয়াৰ নাম সলনি কৰক , যাতে সমগ্ৰ বিশ্বই আমাৰ দেশক ইণ্ডিয়া নহয় ভাৰত বা হিন্দুস্তান বুলি মাতক । ”