ডিজিটেল ডেস্ক, ANEWS24X7: খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহিবিদ্যালয় খেলপথাৰত ১৭ ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা ৷ ৰাজ্যৰ কৃষি বিভাগৰ উদ্যাগত আৰু অসম কৃষি বিদ্যালয়ৰ সহযোগত আয়োজন কৰা হৈছে এই কৃষি মেলা ৷
উক্ত কৃষি-উদ্যান শস্য মেলাত অংশগ্ৰহণ কৰিব ম্যানমাৰ, থাইলেণ্ড, বাংলাদেশ, ভিয়েটনাম, নেপাল, ঘানা, কেনিয়া, ভূটান, ইজৰাইল আৰু কিউবাকে ধৰি বিশ্বৰ ১০খন দেশে ৷
এই সন্দৰ্ভত কৃষি মন্ত্ৰী অতুল বৰাই কয় যে , ‘‘আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলাৰ বিশাল মঞ্চত অসমৰ কৃষক, দেশ-বিদেশৰ কৃষি বিজ্ঞানী, কৃষি আৰু ইয়াৰ সহযোগী খণ্ডসমূহৰ সৈতে জড়িত বিভিন্ন চৰকাৰী বিভাগ, সংস্থা, কৃষি প্রযুক্তি বিকাশ সংস্থা আদিক জড়িত কৰাই অসমৰ কৃষকৰ আৰ্থ- সামাজিক বিকাশ ত্বৰান্বিত কৰাই এই মেলাৰ মুখ্য উদ্দেশ্য ৷ ’’