ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰসংঘৰ বিশেষ দূত পদৰ পৰা পদত্যাগ কৰিব হলিউডৰ জনপ্ৰিয় অভিনেত্ৰী এঞ্জেলিনা জোলিয়ে ৷ ২০ বছৰতকৈ অদিককাল এই পদত কাৰ্যনিৰ্বাহ কৰি থকা জোলিয়ে শুক্ৰবাৰে এই কথা ঘোষণা কৰে ৷
৪৭ বছৰীয়া হলিউড অভিনেত্ৰী জোলীয়ে জেনেভা স্থিত ইউএনএইচচিআৰৰ বিশেষ দূত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত ৬০ টাতকৈও অধিক ক্ষেত্ৰ অভিযান কৰিছিল ৷ এই অভিযান সমূহৰ জৰিয়তে তেওঁ বিশ্ববাসীৰ আগত দুই দশকতকৈও অধিক সময় ধৰি স্থানচ্যুত হোৱা লাখ লাখ লোকৰ দুৰ্দশাৰ কথা উল্লেখ কৰিছিল ৷
জোলীয়ে এক বিবৃতি যোগে কয় যে, ‘‘ ৰাষ্ট্ৰসংঘৰ সংস্থাটোৰ সৈতে ২০ বছৰ কাম কৰাৰ পিছত অনুভৱ কৰে যে বেলেগ ধৰণেৰে কাম কৰাৰ সময় আহি পৰিছে ৷ শৰণাৰ্থী আৰু স্থানীয় সংগঠনবোৰৰ সমস্যা সমাধানত সহায় কৰিবলৈ পোনপটীয়াকৈ কাম কৰাৰ সময় আহি আছে ৷’’
উল্লেখ্য যে , ইউএনএইচচিআৰে জোলিক শৰণাৰ্থী অধিকাৰৰ ক্ষেত্ৰত আটাইতকৈ প্ৰভাৱশালী ব্যক্তি বুলি অভিহিত কৰিছে। অস্কাৰ বিজয়ী আমেৰিকান তাৰকাগৰাকীয়ে ২০০১ চনৰ পৰা ইউএনএইচচিআৰৰ সৈতে কাম কৰি আছে।
