ডিজিটেল ডেস্ক, A NEWS 24×7: মংগলবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। বিধানসভাৰ প্ৰথম দিনাই সদনৰ পৰা বহিষ্কাৰ হ’ল শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ।
নাৰী নিৰ্যাতনক লৈ প্ৰশ্ন উত্থাপন কৰিছিল অখিল গগৈয়ে। এনচিআৰবি ৰিপ’ৰ্ট মতে মহিলাৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰাৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰত প্ৰথম বুলি সদনত মত ব্যক্ত কৰে অখিল গগৈয়ে।
অখিল গগৈয়ে মন্তব্য কৰি থকাৰ অধ্যক্ষই অখিল গগৈক প্ৰশ্ন–উত্তৰকালীন ঘণ্টাৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে। মাৰ্ছাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়ে অখিল গগৈক।