ডিজিটেল ডেস্ক, A NEWS 24×7 : কাশ্মীৰত তীব্ৰতৰ হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা-আৰক্ষীৰ অভিযান। শেহতীয়াকৈ কাশ্মীৰৰ শ্বপিয়ান জিলাৰ জয়নাপোৰাৰ মঞ্জ মাৰ্গ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত মৃত্যু হৈছে ৩ টা সন্ত্ৰাসবাদীৰ। ১ আৰ আৰ আৰু ১৭৮ চি আৰ পি এফে যুটীয়াভাৱে অভিযান চলাইছিল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে।
নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা ৩ সন্ত্ৰাসবাদীৰ ভিতৰত ২ টাক চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত এটা শ্বপিয়ানৰ লতিফ লোন বুলি চিনাক্ত কৰা হৈছে। লতিফ লোন কাশ্মীৰী পণ্ডিত পুৰাণ কৃষ্ণ ভাটৰ হত্যাত জড়িত আছিল। চিনাক্ত হোৱা আনটো সন্ত্ৰাসবাদী কাশ্মীৰৰ অনন্তনাগৰ উমৰ নাজিৰ। উমৰ নাজিৰ নেপালৰ তিল বাহাদুৰ থাপাৰ হত্যাত জড়িত আছিল।
কাশ্মীৰৰ এ ডি জি পিয়ে প্ৰকাশ কৰা অনুসৰি এই অভিযানত নিৰাপত্তাৰক্ষীসকলে এটা একে ৪৭ ৰাইফল, ২ টা পিষ্টল উদ্ধাৰ কৰিছে। প্ৰকাশিত খবৰ অনুসৰি চলিত বছৰৰ অক্টোবৰলৈ কাশ্মীৰ উপত্যকাত ১৭৬ জন সন্ত্ৰাসবাদী নিহত হৈছে। ইয়াৰ ভিতৰত ৫০ টা বিদেশী সন্ত্ৰাসবাদী আৰু ১২৬ টা স্থানীয় সন্ত্ৰাসবাদী।
তথ্য অনুসৰি বৰ্তমানেও জম্মু-কাশ্মীৰত ১৩৪ টা সক্ৰিয় সন্ত্ৰাসবাদী আছে। ইয়াৰ ভিতৰত ৮৩ টা বিদেশী আৰু ৫১ টা স্থানীয় সন্ত্ৰাসবাদী।