ডিজিটেল ডেস্ক, A NEWS 24×7: দেৰগাঁৱৰ ৰজাবাঁহৰ গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনা। পুত্ৰৰ মৃত্যুৰ খবৰ শুনি শোক সহিব নোৱাৰি মাতৃয়েও আঁকোৱালি ল’লে কৰুণ মৃত্যু।
ৰজাবাঁহৰ গাঁৱৰ ৪৮ বছৰীয়া ৰঞ্জিত বৰাৰ স্বাস্থ্য বেয়া হোৱাত যোৱা নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিছিল। কিন্তু পুৱতি নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৰঞ্জিত বৰাৰ।
ৰঞ্জিত বৰাৰ মৃতদেহ যোৰহাটৰ পৰা ঘৰলৈ আনি থকা অৱস্থাত পুত্ৰৰ মৃত্যুৰ খবৰ লাভ কৰে মাতৃয়ে। পুত্ৰৰ মৃত্যুৰ খবৰ শুনাৰ কিছু সময়ৰ পিছতে কান্দি-কান্দি মৃত্যুক সাৱটি লয় মাতৃয়ে। শ-শ লোকৰ উপস্থিতিত শোকাকুল পৰিৱেশত জ্বলি উঠিল মাতৃ-পুত্ৰৰ চিতা।