ডিজিটেল ডেস্ক, A NEWS 24×7: অসমীয়া সংগীত জগতৰ এটি চিনাকি নাম দিপালী বৰঠাকুৰ। আজি কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ চতুৰ্থ সংখ্যক পুণ্যতিথি। ২০১৮ চনৰ আজিৰ দিনটোতে পৰলোকগামী হৈছিল কুকিলকন্ঠী গায়িকা গৰাকী।
কোকিলকণ্ঠী গায়িকা শ্ৰদ্ধাৰ দীপালী বৰঠাকুৰে কণ্ঠৰ যাদুকৰী শৈলীয়ে উপহাৰ দি থৈ গৈছে বহু চিৰযুগমীয়া গীত। ১৯৪৭ চনত মইনামেলৰ যোগেদি তেওঁ প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সংগীত পৰিৱেশনৰ দ্বাৰা অধিক জনপ্ৰিয় হৈ পৰিছিল দীপালী বৰঠাকুৰ।
শিল্পীগৰাকীয়ে ১৯৯৮ চনত পদ্মশ্ৰী সন্মান, ২০১০ চনত শিল্পী বঁটা আৰু ২০০৭ চনত ‘লিঅ’ এক্সপো শিল্পী সন্মান লাভ কৰিছিল।