ডিজিটেল ডেস্ক, ANEWS24X7:ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত ব্যাপক সলনি কৰা হৈছে ব্ৰিটেইনৰ নোটত ৷ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছ বৃটেইনৰ ৰজা হয় ৷ দেশখনৰ নিয়ম অনুসৰি নতুন ৰজাৰ ছবি নতুন নোটত সংলগ্ন কৰা হৈছে ৷
ইতিমধ্যে দেশখনৰ ৫, ১০, ২০ আৰু ৫০ পাউণ্ডৰ নোটৰ নতুন ডিজাইন প্ৰস্তুত কৰা হৈছে ৷ ২০২৪ চনৰ পৰা ব্ৰিটেইনত প্ৰচলিত হ’ব ব্ৰিটেইনৰ নতুন ৰজা তৃতীয় চাৰ্লছৰ ফটো সম্বলিত নতুন নোট ৷ অৱশ্যে দেশখনত নতুন নোট প্ৰচলন হলেও বন্ধ কৰি দিয়া নহয় ৰাণী দ্বিতীয় এলিজাবেথৰ ফটো সম্বলিত পুৰণি নোট সমূহ ৷
ব্ৰিটেইনত প্ৰচলিত বৰ্তমানৰ চাৰিখন পলিমাৰ নোটত ৰজা তৃতীয় চাৰ্লছৰ প্ৰতিকৃতি ছপা কৰা হ’ব ৷ ইয়াৰ উপৰিও ব্ৰিটেইনৰ ১০ পাউণ্ড নোটত লেখিকা জেন অষ্টেন , ২০ পাউণ্ডৰ নোটত শিল্পী জে এক ডব্লিউ টাৰ্নাৰ আৰু ৫০ ডলাৰৰ নোটত কম্পিউটাৰ বিজ্ঞানী এলান টুৰিঙৰ প্ৰতিচ্ছবি থাকিব ৷