ডিজিটেল ডেস্ক, ANEWS24X7: হিটলাৰৰ মহিলা সহযোগীক কাৰাদণ্ডৰ শাস্তি ৷ জাৰ্মানীৰ নাজী বাহিনীৰ মহিলা কৰ্মী তথা নাজী কনচেনট্ৰেচন কেম্পৰ দ্বায়িত্বত থকা ৯৭ বছৰীয়া মহিলাক কৰাদণ্ডৰে দণ্ডিত কৰিছে জাৰ্মানীৰ আদালতে ৷
মহিলাগৰাকীৰ বিৰুদ্ধে ১০,৫০৫ গৰাকী লোকক হত্যা কৰাত সহায় কৰাৰ লগতে ৫ গৰাকী লোকক হত্যাৰ চেষ্টা কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ড বিহা হৈছে ৷
জাৰ্মানীৰ আদালতে শাস্তি প্ৰদান কৰা ইৰমগাৰ্ড ফাৰ্চনাৰ নামৰ এই মহিলাগৰাকীয়ে ১৯৪৩ চনৰ পৰা ১৯৪৫ চনলৈ নাজী শাসনৰ অন্তলৈকে নাজী বাহিনীয়ে অধিগ্ৰহণ কৰা পোলেণ্ডৰ ষ্টুত্থফ শিবিৰত ষ্টেনোগ্ৰাফাৰ আৰু টাইপিষ্ট হিচাপে কাম কৰিছিল। জাৰ্মানীৰ আদালতে ফাৰ্চনাৰৰ শাস্তি ঘোষণা কৰি কয় যে, ‘‘ফাৰ্চনাৰে শিবিৰত বন্দীসকলক নৃশংস হত্যা তথা শিবিৰটোৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰৰ কাম চোৱা-চিতা কৰিছিল।’’
উল্লেখ্য যে এই শিবিৰত যুদ্ধবন্দী আৰু নাৰ্জী ইহুদী নিধন অভিযানৰ সন্মুখীন হোৱা ইহুদীসকল আছিল ৷ ইৰমগাৰ্ড ফাৰ্চনাৰে গোচৰৰটোৰ বিচাৰৰ মাজতে আদালতত শিবিৰত সংঘটিত হোৱা বৰ্বৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে অনুশোচনা কৰিছিল ৷
