ডিজিটেল ডেস্ক, ANEWS24X7: মুম্বাইৰ বান্দ্ৰা ৰেল ষ্টেচনৰ লিফ্টত অভাৱনীয় পৰিস্থিতি ৷ ষ্টেচনৰ যাত্ৰী কঢ়িওৱা লিফ্ট বিকল হৈ পৰাৰ ফলত আৱদ্ধ হৈ পৰে ২০ জন যাত্ৰী ৷ যান্ত্ৰিক বিজুতিৰ ফলত মাজ বাটতে আবদ্ধ হৈ পৰে ষ্টেচনৰ লিফ্ট ৷
ইয়াৰ ফলত যাত্ৰী সকলৰ মাজত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ ৰেল আৰক্ষীৰ প্ৰচেষ্টাত উদ্ধাৰ কৰা হয় লিফ্টত আবদ্ধ হৈ থকা যাত্ৰী সকলক ৷ মুম্বাই জিআৰপিৰ তথ্য অনুসৰি শ্বাহীন পাঠান নামৰ ৰেল আৰক্ষীৰ জোৱানজনৰ তৎপৰতাত যাত্ৰীসকলক সুকলমে উদ্ধাৰ কৰা হয় ৷
পাঠানে ঘটনাস্থলীত উপস্থিত হৈ ইলেক্টিচিয়ান আৰু ষ্টেচন মাষ্টৰৰ সহায়ত আবদ্ধ যাত্ৰী সকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ঘটনাস্থলীত বৈদ্যুতিক বিশেষজ্ঞৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ এই ঘটনাক কোনো যাত্ৰী হতাহত হোৱা নাই ৷