Friday, November 8, 2024
Homeঅসম'প্ৰতীক হাজেলাক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে'

‘প্ৰতীক হাজেলাক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিব লাগে’

ডিজিটেল ডেস্ক, ANEWS24X7: এন আৰ চিৰ ওপৰত বিশ্বাস “প্ৰতিষ্ঠা” কৰিবলৈ প্ৰতীক হাজেলাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনালে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে। বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে সোমবাৰে এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক প্ৰতীক হাজেলাক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

২০১৯ চনত প্ৰকাশিত বৰ্তমানৰ এন আৰ চি খন তেওঁ মানি নলয় বুলি দাবী কৰি ৮০ লাখ বাংলাদেশী মুছলমানক ভাৰতীয় কৰি তোলা বুলি দাবী জনায়।তেওঁ আৰু অভিযোগ কৰে যে ‘প্ৰতীক হাজেলাই এন আৰ চিৰ বাবে পুঁজিৰ অপব্যৱহাৰ কৰিছে আৰু ইয়াৰ তদন্ত চিবিআই বা ইডিয়ে কৰিব লাগে। হেজেলাক গ্ৰেপ্তাৰ কৰিলে এন আৰ চিৰ প্ৰতি ৰাইজৰ বিশ্বাস পুনৰ ঘূৰি আহিব । “বাংলাদেশী মুছলমানক চিনাক্ত কৰিবলৈ সমগ্ৰ ভাৰতক সামৰি এখন নতুন এন আৰ চি প্ৰকাশ কৰা উচিত’।

তেওঁ লগতে দাবী কৰে যে, নতুন আৰু উন্নীতকৃত এন আৰ চিৰ জৰিয়তে সকলো “বাংলাদেশী মুছলমান”ক চিনাক্ত কৰি তেওঁলোকৰ ভোটাধিকাৰ কাঢ়ি লোৱা উচিত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments