ডিজিটেল ডেস্ক, ANEWS24X7: নৱবৰ্ষৰ প্ৰথম দিনটোত ভূমিকম্পই জোকাৰিলে দেশৰ কেইবাটাও প্ৰান্ত ৷ মাজনিশা হাৰিয়ানা আৰু দিল্লীত ভূমিকম্পৰ জোকাৰণি অনুভৱ হয় ৷
ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৩.৮ আছিল ৷ ভূমিকম্পৰ কেন্দ্ৰস্থল হৰিয়ানাৰ ঝাজ্জৰৰ পৰা ১২ কিলমিটাৰ নিলগত ৷ভূমিকম্পৰ উৎপত্তিস্থল পৃথিৱী পৃষ্ঠৰ পৰা ৫ কিলোমিটাৰ গভীৰতাত আছিল।

শনিবাৰে নিশা ১.১৯ বজাত দিল্লী আৰু হাৰিয়ানাৰ বিভিন্ন অঞ্চলত ভূমিকম্পৰ মৃদু কম্পন অনুভৱ কৰা হৈছিল ৷ এই ভূমিকম্পৰ ফলত কোনো ক্ষয় ক্ষতিৰ খবৰ পোহৰলৈ অহা নাই ৷
