নতুন দিল্লীৰ সত্য নিকেতনত ভয়ংকৰ ঘটনা। নতুন দিল্লীৰ চাণক্যপুৰীৰ সত্য নিকেতন অঞ্চলত দেওবাৰে হঠাৎ খহি পৰিল এটি ৫ মহলীয়া অট্টালিকা। মতি বাগৰ সত্য নিকেতনত শিৱ মন্দিৰৰ সমীপতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা। প্ৰাথমিক তথ্য অনুসৰি, অট্টালিকাখনত ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল আছিল বুলি জানিব পৰা গৈছে।
অট্টালিকাখন খহি পৰাৰ পিছতে ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। স্থানীয় লোকৰ মতে, প্ৰায় ৫০জন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে। অৱশ্যে এই সংখ্যা এতিয়ালৈকে চৰকাৰীভাৱে নিশ্চিত কৰা হোৱা নাই।
ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে দিল্লীৰ অগ্নি নিৰ্বাপণ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। মুঠ ১২টা উদ্ধাৰকাৰী দল ঘটনাস্থলীত নিয়োজিত হৈ ধ্বংসাৱশেষ আঁতৰাই আবদ্ধ লোকসকলৰ সন্ধান চলাই আছে। এতিয়ালৈকে ৪জন ছাত্ৰক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।
