ডিজিটেল ডেস্ক, ANEWS24X7: তালিবান শাসনলৈ অহাৰ পিছতে অৰ্থনৈতিক ভাৱে খহি পৰিছে আফগানিস্তান ৷ দেশখনৰ বৈদেশিক মুদ্ৰণৰ ভাণ্ডাৰ এক প্ৰকাৰে আবদ্ধ হৈ পৰিছে ৷ এনে পৰিস্থিতিত তালিবান প্ৰশাসনে আত্মনিৰ্ভৰশীল হ’বলৈ পূৰ্ণ চেষ্টা কৰিছে ৷
তালিবান চৰকাৰে দেশৰ লোক সকলক থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷ ইয়াৰ উপৰিও আফগানিস্তানত বৈদেশিক বাণিজ্য আৰু বিনিয়োগ আকৰ্ষিত কৰিব বিচাৰে তালিবান চৰকাৰে ৷ সোমবাৰে এই কথা ঘোষণা কৰে আফগানিস্তানৰ কাৰ্যকৰী বাণিজ্য মন্ত্ৰী নুৰুদ্দিন আজিজীয়ে ৷
তাল্বানৰ বাণিজ্য মন্ত্ৰী নুৰুদ্দিন আজিজীয়ে কয় যে , ‘‘ আমি ৰাষ্ট্ৰীয় আত্মনিৰ্ভৰশীল কাৰ্যসূচী আৰম্ভ কৰিম। আমি সকলো চৰকাৰী প্ৰশাসনক ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিম। ইয়াৰ উপৰিও, লোকসকলক মছজিদৰ জৰিয়তে স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হ’ব। ই আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিব, ঘৰুৱা সামগ্ৰীত সমৰ্থিত হ’ব। ’’
বাণিজ্য মন্ত্ৰী নুৰুদ্দিন আজিজীয়ে লগতে কয় যে, ইৰাণ, ৰাছিয়া আৰু চীনৰ দৰে কিছুমান দেশে আফগানিস্তানত বিনিয়োগ আৰু ব্যৱসায় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। উদাহৰণ স্বৰূপে, চীনৰ সৈতে এটা ঔদ্যোগিক উদ্যান নিৰ্মাণৰ বাবে আৰু ৰাছিয়া আৰু ইৰাণৰ সৈতে তাপ বিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আলোচনা চলি আছে।
উল্লেখ্য যে, বৰ্তমানলৈকে বিশ্বৰ কোনো দেশে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই ৷ ইয়াৰ ওপৰিও মহিলাৰ অধিকাৰ খৰ্ব কৰাৰ প্ৰতিবাদত বিশ্বৰ কেইবাখনো দেশে তালিবানৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে ৷ ইয়াৰ মাজতে কাবুলকে আদি কৰি আফগানিস্তানৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত আইএছআইএছে আক্ৰমণ সংঘটিত কৰিছে ৷ এনে পৰিস্থিতিত তালিবান চৰকাৰৰ আহ্বান ব্যাৱসায়িক গোষ্ঠী সমূহে কেনেদৰে গ্ৰহণ কৰে সেয়া লক্ষ্যণিয় হ’ব ৷
