ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰবাৰ সমালোচনাৰ সন্মুখীন হৈছে ফিফাৰ সভাপতি জিয়ান্নি ইনফান্তিনো ৷ সদ্য প্ৰয়াত কিংবদন্তি ফুটবল খেলুৱৈ পেলেৰ অন্তেষ্টিক্ৰিয়াত সৌজন্যহীন আচৰণ কৰাৰ অভিযোগ জিয়ান্নি ইনফান্তিনোৰ বিৰুদ্ধে ৷
সোমবাৰে পেলেৰ অন্তেস্তিক্ৰিয়াৰ পূৰ্বে শেষ শ্ৰদ্ধা জনাবলৈ কফিনটো চেন্টোছৰ ভিলা বেলমিৰোলৈ লৈ যোৱা হৈছিল ৷ভিলা বেলমিৰোত গুণমুগ্ধ সকলক শেষবাৰৰ বাবে চাবলৈ সুযোগ দিয়া হৈছিল৷ সেই সময়তে ফিফাৰ সভাপতি জিয়ান্নি ইনফান্তিনোৱে কফিনৰ সৈতে চেলফি উঠে ৷
ইনফান্তিনোৰ এই কাণ্ডক এতিয়া সকলোৱে সমালোচনা কৰিছে ৷ সম্প্ৰতি সামাজিক মাধ্যত তীব্ৰ চৰ্চা লাভ কৰিছে এই ঘটনাই ৷
