ডিজিটেল ডেস্ক, ANEW24X7: আফগানিস্তানৰ চৰকাৰী বাহিনীৰ অভিযানত নিহত ৮ জন ইছলামিক ষ্টেটৰ সন্ত্ৰাবাদী ৷ ইয়াৰ ওপৰিও গ্ৰেপ্তাৰ কৰা হৈছে আন কেইবাজনো সন্ত্ৰাসবাদীক ৷ আফগানিস্তানৰ ৰাজধানী কাবুৰ আৰু পশ্চিম নিমৰোজ প্ৰদেশত অভিযান চলাছিল আফগান বাহিনীয়ে ৷
চৰকাৰী বাহিনীৰ গুলীত নিহত হোৱা এই সন্ত্ৰাসবাদী কেইজন লাঙ্গান হোটেল , পাকিস্তানৰ দূতাবাস আৰু কাবুলৰ সামৰিক বিমানবন্দৰত আক্ৰমণ চলাইছিল ৷ এই কথা সদৰী কৰে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মোজাহিদে ৷
বৃহস্পতিবাবে তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মোজাহিদে এই কথা সদৰী কৰি কয় যে ,‘‘ ৰাজধানী কাবুল আৰু পশ্চিম নিমৰোজ প্ৰদেশত ইছলামিক ষ্টেটৰ বিৰুদ্ধে অভিযান চলোৱা হৈছিল ৷ এই অভিযানত নিহত হোৱা আইএছ সদস্য সকলৰ ভিতৰত আছে কেইবাজনো বিদেশী নাগৰিক ৷ পশ্চিম নিমৰোজ প্ৰদেশতো গ্ৰেপ্তাৰ কৰা হৈছে দুজন আইছিছ সদস্য ৷’’