Friday, November 8, 2024
Homeৰাষ্ট্ৰীয়মুছলমান যুৱতীৰ বিবাহকলৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

মুছলমান যুৱতীৰ বিবাহকলৈ উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ডিজিটেল ডেস্ক, ANEWS24X7:উচ্চতম ন্যায়ালয়ত মুছলমান যুৱতীৰ বিবাহকলৈ গুৰুত্বপূৰ্ণ শুনানী ৷ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে কৰা আবেদন গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে ৷ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে এগৰাকী মুছলমান যুৱতী যৌৱন প্ৰাপ্ত হোৱাৰ পিছত তেওঁৰ পচন্দৰ এজন ব্যক্তিক বিয়া কৰিব পাৰে বুলি দিয়া ৰায়ক প্ৰত্যাহ্বন জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্ত হৈছিল ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ ৷

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে হাৰিয়ানা চৰকাৰ আৰু অন্যান্য পক্ষ সমূহক জাননী জাৰি কৰিছে ৷ আদালতক সহায় কৰিবলৈ জ্যেষ্ঠ অধিবক্তা ৰাজশেখৰ ৰাওক এমিকাছ কিউৰী হিচাপে নিযুক্ত কৰিছে ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে ,‘‘ আমি এই আৱেদন গ্ৰহণ কৰিবলৈ আগ্ৰহী ৷ উচ্চ ন্যায়ালয়ৰ অপ্ৰত্যাশিত ৰায়ত দৃষ্টান্ত হিচাপে নিৰ্ভৰ কৰা নহ’ব ৷ ’’

উল্লেখ্য যে উচ্চ ন্যায়ালয়ত পঞ্চকুলাৰ এটা শিশু গৃহত ১৬ বছৰীয়া পত্নীক আটক কৰাৰ বিৰুদ্ধে এজন ২৬ বছৰীয়া যুৱকে দাখিল কৰা হেবিয়াছ কৰ্পছ আৱেদন দাখিল কৰিছিল ৷ এই আৱেদনৰ ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কৈছিল যে ,‘‘ ১৫ বছৰ হৈছে এগৰাকী মুছলমান মহিলাৰ যৌৱনৰ বয়স , তেওঁ নিজৰ ইচ্ছা আৰু সন্মতিৰ দ্বাৰা যৌৱন প্ৰাপ্ত কৰাৰ পিছত পচন্দৰ এজন ব্যক্তিক বিয়া কৰাব পাৰে ৷ বাল্য বিবাহ প্ৰতিৰোধ আইন ২০০৬ ৰ ধাৰা ১২ৰ ক্ষেত্ৰত এনে বিবাহ বাতিল নহ’ব ৷’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments