ডিজিটেল ডেস্ক,ANEWS24X7: এগৰাকী যুৱতীৰ ব্যতিক্ৰমী প্ৰয়াস । ব্ৰিটিছ কাউন্সিলৰ চাকৰি এৰি দিল্লীত পথৰ কাষৰ আৰম্ভ কৰিলে চাহৰ দোকান। যুৱতীগৰাকীৰ নাম শৰ্মিষ্ঠা ঘোষ।
ব্যৱসায়িক সপোনৰ পৰা অনুপ্ৰাণিত হৈ শৰ্মিষ্ঠাই আৰম্ভ কৰিল এই ব্যৱসায় । অনাগত দিনত ব্যৱসায় সম্প্ৰসাৰণ আৰু ব্ৰেণ্ড গঢ়ি তোলাৰ লক্ষ্য লৈছে যুৱতীগৰাকীয়ে । নিজৰ সপোন খেদিবলৈ পূৰ্ণকালীন চাকৰি এৰিবলৈ সাহসৰ প্ৰয়োজন।
সেনাবাহিনীৰ প্ৰবীণ ব্ৰিগেডিয়াৰ সঞ্জয় খান্নাই লিংকডইনৰ জৰিয়তে তেওঁক বিশ্বৰ সৈতে চিনাকি কৰাই দিয়াৰ পিছত এই কাহিনী পোহৰলৈ আহে।ইংৰাজী বিষয়ত এম এ কৰা যুৱতীগৰাকীয়ে কেনেদৰে ব্ৰিটিছ কাউন্সিল লাইব্ৰেৰীত চাকৰি এৰি চাহ বিক্ৰী আৰম্ভ কৰিছিল সেই কথা বিশ্ববাসীক জনাইছিল খান্নাই।
তেওঁ প্ৰকাশ কৰে যে তাই এটা বৃহৎ চাহ ব্যৱসায় গঢ়ি তোলাৰ আকাংক্ষা কৰিছে ।ইপিনে শৰ্মিষ্ঠাক কেনেকৈ লগ পাইছিল সেই কথা বৰ্ণনা কৰি খান্নাই লিখিছে যে “কিছুদিন আগতে সংঘটিত ভাৱে মই দিল্লী কেণ্টৰ গোপীনাথ বজাৰত আছিলো আৰু চাহ খাবলৈ ইচ্ছা কৰিছিলো তেতিয়া এগৰাকী স্মাৰ্ট ইংৰাজী ভাষী মহিলাই চকাত চলা এই সৰু চাহৰ দোকান চলাই থকা দেখি মই আচৰিত হৈছিলো লগতে সুখীও হৈছিলো।
ইয়াৰ উপৰিও তেওঁ লগতে কয়, “লুফথানছাৰ সৈতে কাম কৰা তাইৰ এগৰাকী বন্ধু ভৱনা ৰাও এই সৰু চাহৰ দোকানখন চলোৱাৰ যৌথ অংশীদাৰ হয়।
আনহাতে এই পোষ্টটোৱে বহু লোকক অনুপ্ৰাণিত কৰিছিল আৰু লিংকডইন ব্যৱহাৰকাৰীসকলে পোষ্টটোৰ শলাগ লোৱাৰ লগতে আনকি যুৱতীগৰাকীৰ দৃঢ়তাক প্ৰশংসা কৰিছিল