Saturday, July 5, 2025
Homeঅসমগোলাপী জামুৰ কবি আৰু নাই

গোলাপী জামুৰ কবি আৰু নাই

ডিজিটেল ডেস্ক, A NEWS 24×7 : নৱবৰ্ষতে হেৰুৱালো এজন মহান মনিষী। কাব্য ঋষি নীলমনি ফুকনৰ দেহাৱসান। বুধবাৰে সন্ধিয়া হঠাৎ অসুস্থ হৈ পৰিছিল নিৰ্জনতাৰ কবি নীলমণি ফুকন। প্ৰাৰম্ভিক অৱস্থাত ঘৰতেই চিকিৎসকৰ নিৰীক্ষণত আছিল তেওঁ।

তাৰ পাছত তেখেতক প্ৰথমে সঞ্জীৱনী চিকিৎসালৈ নিছিল যদিও চিকিৎসা বিশেষজ্ঞৰ দলে সঞ্জীৱনী হস্পিতালত তেখেতৰ স্বাস্থ্য পৰ্যবেক্ষণ কৰি আগবঢ়োৱা পৰামৰ্শৰ আধাৰত সাহিত্যিক গৰাকীক নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্ডিঅ’লজী, নিউৰ’লজী, এনাস্থেচিয়া আৰু মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপক আৰু সহযোগী অধ্যাপকৰ চাৰিজনীয়া দলৰ তত্বাৱধানত চিকিৎসা চলি আছিল নীলমণি ফুকনৰ।

 

নীলমণি ফুকন জন্ম ১১৯৩৩ চনত গোলাঘাট জিলাৰ দেৰগাঁৱত। তেওঁ দেৰগাঁও হাইস্কুলত অধ্যায়ন কৰাৰ পাছত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ নীলমণি ফুকনে ১৯৫০ চনৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰিছিল। জীৱনৰ সুদীৰ্ঘ পৰিক্ৰমাত তেওঁ সৃষ্টি কৰা কবিতাই অসমীয়া কবিতাৰ ধাৰাক দিলে এক বিশাল আয়তন।

অসমৰ কাব্য সাহিত্যৰ অন্যতম মহীৰূহস্বৰূপ নীলমণি ফুকনক জ্ঞানপীঠ সন্মানেৰে বিভূষিত কৰা হৈছিল।
জ্ঞানপীঠ সন্মান লাভ কৰা অসমৰ তৃতীয়জন সাহিত্যিক নীলমণি ফুকন। তেওঁ লিখা কবিতা ইতিমধ্যে গুজৰাটী ওড়িয়া, বাংলা, ইংৰাজী, জাৰ্মান আদি ভাষালৈ অনূদিত হৈছে৷

‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’ গ্ৰন্থৰ বাবে অসম সাহিত্য সভা পুৰস্কাৰ আৰু কাঁইট গ্ৰন্থৰ বাবে প্ৰকাশন পৰিষদৰ বঁটা, অসম উপত্যকা সাহিত্য বঁটা আৰু কমল কুমাৰী বঁটাও লাভ কৰিছিল৷ ১৯৮২ চনত যুগোশ্লোভিয়াৰ ষ্টুটগাত অনুষ্ঠিত আন্তৰ্জাতিক কবি সন্মিলনত তেওঁৱে আছিল একমাত্ৰ ভাৰতীয় প্ৰতিনিধি৷ কবিতাৰ সমানে তেওঁ গদ্যও মননধৰ্মী আৰু ব্যঞ্জনাময়৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments