Friday, November 8, 2024
Homeঅসমকেতিয়ালৈ মুকলি হ’ব কোকৰাঝাৰ তাৰকাগৃহ, বিজ্ঞান কেন্দ্ৰ?

কেতিয়ালৈ মুকলি হ’ব কোকৰাঝাৰ তাৰকাগৃহ, বিজ্ঞান কেন্দ্ৰ?

ডিজিটেল ডেস্ক, ANEWS24X7: বৰ্তমান সময়ত তাৰকা মণ্ডল, বিশ্ব ব্ৰহ্মাণ্ডৰ সৌৰ জগতৰ লগতে জ্যোৰ্তিবিজ্ঞান সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অনুসন্ধিৎসু লোকক আভাস দিয়াৰ উদ্দেশ্যে কোকৰাঝাৰ চহৰৰ ডিমলগাঁৱত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এটা তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ।

ইপিনে কিন্তু আজিলৈ দৰ্শনাৰ্থীৰ বাবে এই তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো মুকলি কৰা হোৱা নাই। ইফালে সাধাৰণ দৰ্শনাৰ্থীৰ কথা বাদেই, ছাত্ৰ-ছাত্ৰীৰ বাবেও কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো বছৰৰ পিছত বছৰ ধৰি মুকলি নোহোৱাকৈয়ে আছে।

২০২০ চনৰ ১০ ফেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে, বিটিচিৰ প্ৰাক্তন কাৰ্যৱাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কোকৰাঝাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো উদ্বোধন কৰিছিল। কিন্তু তেতিয়াৰ পৰাই আজি পৰ্যন্ত তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিব পৰা নগ’ল।

ইপিনে এই তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটোত এটা দৰ্শনীত ৮০ গৰাকীয়ে একে সময়তে সৌৰজগতৰ বিষয়ে চোৱাৰ সুবিধা লাভ কৰিব লগতে ছাত্ৰ-ছাত্ৰীৰ বাবে টেলিস্কোপ, বিগ বেংসহ নানা ধৰণৰ কৌতুহল পৰা তাৰকা মণ্ডল আৰু বিশ্বব্ৰহ্মাণ্ডৰ নানা বিষয় আছে। কিন্তু কেন্দ্ৰটোৰ দুটাকৈ প্ৰজেক্টৰৰ বিজুতি ঘটাত বৰ্তমান সময়লৈ মুকলি কৰিব সম্ভৱ হোৱা নাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments