Thursday, November 7, 2024
Homeঅসমকোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ আজি ওপজা দিন

কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ আজি ওপজা দিন

ডিজিটেল ডেস্ক, A NEWS 24×7: অসমীয়া সংগীত জগতৰ এটি চিনাকি নাম দিপালী বৰঠাকুৰ। পদ্মশ্ৰী সন্মান লাভ কৰা দিপালী বৰঠাকুৰে বহু কালজয়ী গীতেৰে সমৃদ্ধ কৰিছিল অসমীয়া সংগীতৰ জগতখন। অসমৰ সংগীত জগতখন স্বকীয় সুৰ আৰু স্বকীয় গীতৰ পোহৰেৰে জিলিকাই ৰাখিছিল দীপালী বৰঠাকুৰে।


শিৱসাগৰ জিলাৰ সোণাৰিৰ নীলমনি বাগানত ১৯৪১ চনৰ ৩০ জানুৱাৰীত জন্ম হৈছিল দিপালী বৰঠাকুৰৰ। পিতৃ বিশ্বনাথ বৰঠাকুৰ আৰু জেষ্ঠ ভাতৃ ভূপেন আৰু ভবেন বৰঠাকুৰৰ সৈতে সংগীত চৰ্চা আৰম্ভ কৰা কোকিলকণ্ঠী গায়িকা গৰাকীয়ে ১৯৪৭ চনত মইনামেলৰ যোগেদি প্ৰথম গায়িকা হিচাপে আত্মপ্ৰকাশ কৰিছিল।

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত সংগীত পৰিৱেশনৰ দ্বাৰা অধিক জনপ্ৰিয় হৈ পৰিছিল দীপালী বৰঠাকুৰ। শিল্পীগৰাকীয়ে ১৯৯৮ চনত পদ্মশ্ৰী সন্মান, ২০১০ চনত শিল্পী বঁটা আৰু ২০০৭ চনত ‘লিঅ’ এক্সপো শিল্পী সন্মান লাভ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments