ডিজিটেল ডেস্ক, ANEWS24X7: সদৌ অসম কেব মাজদুৰ সংঘ আৰু সদৌ গুৱাহাটী বাইক টেক্সি অপাৰেটৰ ইউনিয়নে আজি অনুষ্ঠিত এক সংবাদমেলত প্ৰকাশ কৰা অনুসৰি
১ ফেব্ৰুৱাৰীত গুৱাহাটীৰ ওলা-উবেৰ কেব সেৱা বন্ধ হ’ব।
দীৰ্ঘদিন ধৰি কেব চালক সকলক শোষণ কৰি অহাৰ বাবেই এই সিদ্ধান্ত লৈছে সংস্থাটোৱে। ইপিনে সংস্থাটোৰ মতে, বৰ্তমান ওলা-উবেৰ কেব সেৱাত ১৮ হাজাৰৰো অধিক বাহন চলি আছে। ইফালে, মহানগৰীত ৰেপিডো বাইক সেৱা বন্ধ কৰা হ’ব বুলি বাইক টেক্সি অপাৰেটৰ ইউনিয়নে প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰ মাহত কেব চালকে ঘোষণা কৰিছিল যে তেওঁলোকৰ দাবী মঞ্জুৰ নহ’লে ৰাজহুৱা পৰিবহণৰ ব্যৱস্থা নকৰে লগতে চালকসকলে চৰকাৰক তেওঁলোকৰ সেৱাৰ বাবে নতুন এপ প্ৰস্তুত কৰিবলৈ অনুৰোধ জনায়।