ডিজিটেল ডেস্ক, A NEWS 24×7 : প্ৰতিবছৰে ৩১ জানুৱাৰীত পালন কৰা হয় মে-ডাম-মে-ফি ৷ টাই-আহোম জনগোষ্ঠীৰ লোক সকলে সম্পূৰ্ণ ধৰ্মীৰ ৰীতি-নীতি, পৰম্পৰা অনুযায়ী পালন কৰা এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰে ৷ মে-ডাম-মে-ফিৰ জৰিয়তে আহোমসকলে পিতৃ পুৰুষ তথা উপৰি-পুৰুষৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰাৰ লগতে দেশ আৰু দহৰ মংগল কামনা কৰে৷
মে-ডাম-মে-ফী এখন পূজাৰ জৰিয়তে পালন কৰা হয়। সকলো ৰাইজ একত্ৰিত হৈ এখন আঠচুকীয়া অৰ্থাৎ অস্থায়ী মন্দিৰ সাজি আঠখন মেহেঙা তথা শৰাই স্থাপন কৰি আদি পিতা লেংডন দেৱতাকে ধৰি সকলোৰে বাবে উপাসনা কৰা হয় ৷
প্ৰচলিত বিশ্বাস অনুসৰি, এই পূজা বিধিখন অসমলৈ আনিছিল চাওলুং চ্যুকাফাৰ লগত অহা বুৰঞ্জী লিখক ম-মুন্-ম-মাই দেওধায়ে৷ অসমত এই পূজা চুকাফাই ৰাজত্ব কৰাৰ দিনৰে পৰা পালন কৰি অহা হৈছে ।