ডিজিটেল ডেস্ক, ANEWS24X7: মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ দহানু অঞ্চলৰ মুম্বাই-আহমেদাবাদ ঘাইপথত এখন গাড়ী বাছত খুন্দা মৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু হয়। গুজৰাটৰ পৰা মুম্বাইলৈ গৈ থকা গাড়ীখন সংঘটিত হয় এই দুৰ্ঘটনা।
ইপিনে পালঘৰ আৰক্ষীয়ে জনোৱা মতে, গাড়ী চালকজনে গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই বাছখনত খুন্দা মাৰে।
আনহাতে এই ভয়ংকৰ দুৰ্ঘটনাটোত চাৰিজন লোক নিহত হোৱাৰ লগতে তিনিজন আহত হয় লগতে বেয়াকৈ ছিন্নভিন্ন হৈ পৰে গাড়ীখন ।