ডিজিটেল ডেস্ক ANEWS24X7: বিহাৰত নতুন চৰকাৰ গঠন কৰাৰ এসপ্তাহৰ ভিতৰতে অপৰাধমূলক কাৰ্যকলাপৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হ’ল আৰজেডিৰ দুই মন্ত্ৰীৰ বিৰুদ্ধে । মন্ত্ৰী দুজনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে বিবুদ্ধিত পৰিছে আৰজেডিৰ নেতা তথা বিহাৰৰ উপ-মুখ্য়মন্ত্ৰী তেজস্বী যাদৱ । শনিবাৰে উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱে নিজৰ দলৰ মন্ত্ৰী বিধায়ক সকলক উদেশ্যি এক নিৰ্দেশনা জাৰি কৰিছে ।
নিৰ্দেশনা কেইটা হৈছে –
- মন্ত্ৰীসকলে বিভাগৰ ধনেৰে নতুন গাড়ী ক্ৰয় নকৰিব ।
- নিজতকৈ জেষ্ঠ জন ,দলীয় কৰ্মী ,শুভাকাংক্ষী সকলক নিজৰ ভৰিত ধৰি সেৱা গ্ৰহণ কৰিব নিদিব । সৌজন্য আৰু শুভেচ্ছাৰ বাবে হাত জোৰ কৰি, তেওঁলোকে প্ৰণাম কৰিব ।
- মন্ত্ৰীক সকলে সকলোৰে সৈতে মৃদু আৰু শালীন আচৰণ কৰিব । সকলো জাতি, ধৰ্মৰ নিৰ্বিশেষে দৰিদ্ৰ আৰু দুৰ্গত জনক অগ্ৰাধিকাৰৰ ভিত্তিত সহায় কৰিব লাগিব ।
- কোনো লোকৰ পৰা উপহাৰ হিচাপে ফুলৰ থুপা লোৱা বা দিয়াৰ পৰিবৰ্তে কিতাপ কলম দিয়াৰ অভ্যাস কৰক ।
- সকলো বিভাগীয় কামত, মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত, সততা, স্বচ্ছতা, তৎক্ষণাৎ আৰু দ্ৰুত ৰূপায়ণৰ কাৰ্যশৈলীক প্ৰচাৰ কৰা হ’ব।
- সকলো সন্মানীয় মন্ত্ৰীয়ে সন্মানীয় মুখ্যমন্ত্ৰী, বিহাৰ চৰকাৰ আৰু তেওঁলোকৰ অধীনস্থ বিভাগসমূহ, কাৰ্য পৰিকল্পনা আৰু উন্নয়নমূলক কামবোৰ সামাজিক মাধ্যমত নিৰন্তৰ ভাৱে প্ৰচাৰ কৰিব লাগিব যাতে ৰাইজে আপোনাৰ প্ৰতিটো পদক্ষেপৰ বিষয়ে ইতিবাচক তথ্য লাভ কৰিব পাৰে।