Thursday, November 7, 2024
Homeৰাষ্ট্ৰীয়ভাৰতীয় চিনেমাৰ নাইটিংগেল লতা মংগেশকাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী

ভাৰতীয় চিনেমাৰ নাইটিংগেল লতা মংগেশকাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী

 

ডিজিটেল ডেস্ক, ANEWS24X7:আজি ৬ ফেব্ৰুৱাৰীত কিংবদন্তি গায়িকা লতা মংগেশকাৰৰ প্ৰথম মৃত্যু বাৰ্ষিকী। যোৱা বছৰৰ ৬ ফেব্ৰুৱাৰীত মুম্বাইৰ ব্ৰিচ কেণ্ডি হস্পিতালত ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল গায়িকা গৰাকীয়ে ।

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল লগতে তেখেত দেশৰ অন্যতম ডাঙৰ সংগীত আইকন আছিল। ইপিনে ভাৰতীয় সংগীত জগতলৈ তেখেতৰ অৱদানে তেওঁক “কুইন অৱ মেলোডী”, “ভইচ অৱ দ্য মিলেনিয়াম” আৰু “নাইটিংগেল অৱ ইণ্ডিয়া” আদি উপাধি লাভ কৰিছিল ।

ইপিনে লতা মংগেশকাৰৰ মৃত্যু বাৰ্ষিকী খবৰ ওড়িশাৰ পুৰী বিলত বালিৰ শিল্পী সুদৰ্শন পট্টনাইকে ৬ফুট উচ্চতাৰ বালিৰ ভাস্কৰ্য্য নিৰ্মাণ কৰিছিল ‘ভাৰত ৰত্ন লতাজী, মেৰী আৱাজ হি পেচান হায়’বাৰ্তা, প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে এএনআইয়ে টুইটো কৰিছিল ।

আনহাতে লতা মংগেশকাৰে পাঁচ বছৰ বয়সৰ পৰাই গায়কীৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ১৯৪২ চনত গায়িকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা ছানীয়ে সাত দশকৰ সময়ছোৱাত হিন্দী, মাৰাঠী, তামিল, বাংলা আদি ভাষাকে ধৰি ৩৬টা ভাৰতীয় ভাষাত ২৫ হাজাৰ গীত গোৱাৰ কৃতিত্ব লাভ কৰিছে। মংগেশকাৰৰ দুই এটা অবিস্মৰণীয় গীতৰ ভিতৰত ‘লাগ জা গলে’, ‘মোহে পংঘাট পে’,’হোথোন মেই আইছি বাত’,’চালতে চলতে’, ‘সত্যম শিৱম সুন্দৰম’,’পানী পানী ৰে’, ‘আজিব দস্তান হায়’,’ প্যাৰ কিয়া তো দৰনা কিয়া’,‘নীলা আছমান ছ’গয়া, ইত্যাদি ।

লতা মংগেশকাৰে লাভ কৰা বঁটা সমূহ –

ভাৰতীয় চিনেমাৰ অন্যতম শ্ৰেষ্ঠ প্লেবেক গায়ক হিচাপে বিবেচিত মংগেশকাৰে পদ্ম ভূষণ, পদ্ম বিভূষণ, দাদা চাহেব ফাল্কে বঁটা আৰু বিভিন্ন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি কেইবাটাও চলচ্চিত্ৰ বঁটা আৰু সন্মান লাভ কৰিছিল । আনহাতে ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান-ভাৰত ৰত্নও লাভ কৰিছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments