Friday, November 8, 2024
Homeআন্তঃৰাষ্ট্ৰীয়তুৰস্কত ভূমিকম্পৰ আগতে' বিশৃংখলভাৱে উৰি থকা পৰিলক্ষিত হ'ল চৰাইবোৰ

তুৰস্কত ভূমিকম্পৰ আগতে’ বিশৃংখলভাৱে উৰি থকা পৰিলক্ষিত হ’ল চৰাইবোৰ

ডিজিটেল ডেস্ক,  ANEWS24X7: এই দুৰ্যোগৰ ভয়াৱহতাক চিত্ৰিত কৰা কেইবাটাও চলন্ত ভিডিঅ’ওলাইছে দুৰ্যোগগ্ৰস্ত দেশখনৰ পৰা। অস্বাভাৱিকভাৱে উৰি যোৱা এজাক চৰাইৰ এটা অদ্ভুত ভিডিঅ’ সামাজিক মাধ্যমত দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰিছে । ইপিনে সোমবাৰে তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পত ২৪০০ৰো অধিক লোক নিহত হোৱাৰ লগতে কেইবাহাজাৰ লোক আহত হৈছে।

ইপিনে দুৰ্যোগৰ আগত কৰা পোষ্টটোত দাবী কৰা হৈছে যে এই ভিডিঅ’টো তুৰস্কৰ, এই অঞ্চলত ভূমিকম্পৰ ঠিক আগতেই, চৰাইৰ ভূমিকম্পৰ ভৱিষ্যদ্বাণী কৰাৰ ক্ষমতা আছে। ইফালে “সকলো জীৱ-জন্তু আৰু চৰাই , সাগৰীয় জীৱই প্ৰতিটো প্ৰাকৃতিক দুৰ্যোগ অনুভৱ কৰিব পাৰে । আনহাতে মানুহে সেই জ্ঞান হেৰুৱাই পেলাইছে,”বুলি এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে। আনহাতে আনজন ব্যৱহাৰকাৰীয়ে আকৌ কয় যে , তেওঁলোকে ইফালে সিফালে উৰি গৈ আছে আৰু তাৰ পিছত গছ এজোপাত অৱতৰণ কৰিছে ৷

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ এক প্ৰতিবেদন অনুসৰি, বৃহৎ ভূমিকম্পৰ পূৰ্বে অদ্ভুত প্ৰাণীৰ আচৰণৰ আটাইতকৈ পুৰণি বিৱৰণী গ্ৰীচত খ্ৰীষ্টপূৰ্ব ৩৭৩ চনৰ। বিধ্বংসী ভূমিকম্পৰ কেইবাদিনো পূৰ্বে নিগনি, ৱেইল, সাপ, শতপদ আদিয়ে ঘৰৰ পৰা পলায়ন কৰা বুলি জানিব পৰা গৈছে। মাটিৰ ওচৰত থকা জীৱ-জন্তুৰ লগতে গাঁত বা বাহত থকা জীৱ-জন্তুবোৰে ভূমিকম্পৰ আগতে হোৱা মাটিৰ গতিবিধি অনুভৱ কৰিব পাৰে।

ভূমিকম্পই কম কম্পাঙ্ক কম্পনৰ সৃষ্টি কৰে যিবোৰ মানুহে অনুভৱ কৰাৰ আগতে কিছুমান প্ৰাণী যেনে কুকুৰে অনুভৱ কৰিব পাৰে। কিন্তু জীৱ-জন্তু আৰু চৰাইয়ে ভূমিকম্প অনুভৱ কৰিব পাৰে নেকি আৰু কোনটো ব্যৱস্থাৰ জৰিয়তে অনুভৱ কৰিব পাৰে সেয়াও নিৰ্ণায়কভাৱে ক’ব নোৱাৰি। প্ৰতিবেদনত কোৱা হৈছে যে, “ভূমিকম্পীয় পৰিঘটনাৰ পূৰ্বে সামঞ্জস্যপূৰ্ণ আৰু নিৰ্ভৰযোগ্য আচৰণ, আৰু ই কেনেকৈ কাম কৰিব পাৰে সেই বিষয়ে ব্যাখ্যা কৰা ব্যৱস্থা এতিয়াও আমাৰ পৰা আঁতৰি আছে।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments