ডিজিটেল ডেস্ক, A NEWS 24×7: সোমবাৰে অৰুণাচল প্ৰদেশত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু । অৰুণাচল প্ৰদেশৰ ৩৭ সংখ্যক ৰাজ্যিক দিৱস উদযাপন উপলক্ষে দুদিনীয়া ভ্ৰমণৰ অংশ হিচাপে ৰাজ্যখনত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইটানগৰত উপস্থিত হোৱাৰ পাছতেই ৰাষ্টিৰপতি গৰাকীক অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কাইৱালিয়া পাৰনায়েক আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উষ্ম আদৰণি জনায়।
মঙলবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ইটানগৰত অৰুণাচল প্ৰদেশ বিধানসভাৰ বিশেষ অধিৱেশনত ভাষণ দিব। ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে অৰুণাচল আৰু মিজোৰামৰ জনসাধাৰণক ৰাজ্যৰ মৰ্যাদা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশক ভাৰতৰ ২৪ তম ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল। তেতিয়াৰ পৰাই অৰুণাচল প্ৰদেশ গঠন উদযাপনৰ বাবে ২০ ফেব্ৰুৱাৰীত ৰাজ্যিক বন্ধ ঘোষণা কৰে।