Thursday, November 7, 2024
Homeঅসমওদালগুৰি এনকাউণ্টাৰৰ চি আই ডি তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ওদালগুৰি এনকাউণ্টাৰৰ চি আই ডি তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

 

ডিজিটেল ডেস্ক, A NEWS 24×7 : সোমবাৰে ওদালগুৰি এনকাউণ্টাৰৰ চি আই ডি তদন্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে দুসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ডিজিপিক ।

সোমবাৰে সন্ধিয়া ওৰাঙৰ গাঁও নতুন পানবাৰীত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো খনন কৰে।

ঘটনাৰ সবিশেষ অনুসৰি, ওদালগুৰি আৰক্ষীয়ে কেইবাটাও সশস্ত্ৰ ডকাইতিৰ গোচৰৰ প্ৰধান অভিযুক্ত কেনাৰাম বসুমতাৰীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়তে সংগঠিত হৈছিল এনকাউণ্টাৰটো। ২৪ ফেব্ৰুৱাৰীত ওদালগুৰিত সংঘটিত হোৱা এনকাউণ্টাৰটোত কেনাৰাম বসুমতাৰীৰ পৰিৱৰ্তে নিহত হৈছিল ডিম্বেশ্বৰ মুছাহাৰী।

আৰক্ষীৰ বিবৃতি অনুসৰি ২৪ ফেব্ৰুৱাৰীত পুৱা প্ৰায় ১০.৩০ বজাত নম্বৰ প্লেট নথকা এখন মটৰবাইকত ২ জন ব্যক্তি উপস্থিত হয়। ডকাইতি সংঘটিত কৰাৰ পিছত এজন ব্যক্তিয়ে ৭.৬৫ মিমি পিষ্টল লৈ আৰক্ষী দলটোৰ সৈতে মুখামুখি হয় আৰু আৰক্ষী দলটোৰ ওপৰত গুলীচালনা কৰি ১ জন আৰক্ষী উপ-পৰিদৰ্শক আৰু ১ জন কনিষ্টবল গুৰুতৰভাৱে আহত কৰে।

আত্মৰক্ষাৰ বাবে আৰক্ষীৰ দলটোৱে গুলীচালনা কৰাৰ ফলত অভিযুক্তসকলৰ এজন গুলীত আঘাতপ্ৰাপ্ত হয়। আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁৰ ওচৰলৈ অহাত এটা ৭.৬৫ মিমি পিষ্টল, ২ জাঁই ৭.৬৫ সজীৱ গুলী, এটা গুলীৰ মূৰ আৰু এটা খালী কেচ উদ্ধাৰ কৰে। দ্বিতীয়জন ব্যক্তিয়ে মটৰচাইকেলত উঠি পলায়ন কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments