ডিজিটেল ডেস্ক, ANEWS24X7:আজি কহিমাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী ৰূপে শপত ল’লে নেফিও ৰিঅ’ই। মুখ্যমন্ত্ৰীৰ লগতে ৯গৰাকী মন্ত্ৰীয়ে লয় শপত। শপতগ্ৰহণ অনুষ্ঠানত উপস্তিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দুগৰাকীয়ে উপ–মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।
নাগালেণ্ড মন্ত্ৰীসভাত প্ৰথমবাৰৰ বাবে দুগৰাকীকৈ উপ–মুখ্যমন্ত্ৰী। ৱাই পেটন আৰু টি আৰ জেলিয়াঙে উপ–মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। আনহাতে, নাগালেণ্ডৰ ইতিহাসত প্ৰথমবাৰৰ বাবে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰিলে এগৰাকী মহিলাই। ছালহৌটৌনৌ ক্ৰুজে নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰী হিচাপে আজি শপতগ্ৰহণ কৰে।
ৰিঅ’ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকল হ’ল জি কে আয়ে, জেকব জিমমী, কে জি কেনী, পি পাইৱাং কন্যাক, এম জমিৰ, টেমজেন ইমনা আলং, চি এল জন, ছালহৌটৌনৌ ক্ৰুজে আৰু পি বি ছাং।