Thursday, November 7, 2024
Homeউত্তৰ-পূৱত্ৰিপুৰাত হাই ভল্টেজ ৰাজনীতি! চানক্যই সাক্ষাৎ কৰিব মাণিক্যক!

ত্ৰিপুৰাত হাই ভল্টেজ ৰাজনীতি! চানক্যই সাক্ষাৎ কৰিব মাণিক্যক!

ডিজিটেল ডেস্ক,ANEWS24X7: ত্ৰিপুুৰাত ক্ৰমাৎ গৰম হৈছে ৰাজনৈতিক পৰিৱেশ৷ প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু বাংলাদেশৰ সৈতে পূৰ্ব পূৰুষৰ সম্পৰ্কৰ অভিযোগেৰে বিৰোধীৰ আক্ৰমণৰ সহজ লক্ষ্য হৈ পৰা ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ টিকট কাটি ৰাজনীতিৰ চাণক্যখ্যাত অমিত শ্বাহ আৰু বিজেপি নেতৃত্বই ত্ৰিপুৰাৰ শাসনভাৰ গটাই দিয়ে মাণিক সাহাক৷ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ’ল মাণিক সাহা৷ মুখ্যমন্ত্ৰী মাণিক সাহা হ’লেও কিন্তু ত্ৰিপুৰাৰ এই নিৰ্বাচনত সকলোৰে আকৰ্ষণৰ মধ্যমণি হৈ পৰে ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ বৰ্তমানৰ মুৰব্বী প্ৰদ্যুত প্ৰদ্যুৎ মাণিক্য দেৱবৰ্মা৷

টিপৰাহা আদিবাসী প্রগতিশীল আঞ্চলিক জোঁট অৰ্থাৎ তিপ্ৰা মথা পাৰ্টি এইবাৰ ৰাষ্ট্ৰীয় ৰাজনীতিত আটাইতকৈ চৰ্চিত আঞ্চলিক দল হিচাপে আত্মপ্ৰকাশ কৰিছে৷ দীৰ্ঘদিনীয়া বাঁও শিবিৰৰ শাসন আৰু শেহতীয়া হিন্দুত্ববাদী বিজেপিৰ শাসনৰ কালছোৱাত ত্ৰিপুৰাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ পৰিচয়, ভাষা, সংস্কৃতি অস্তীত্বৰ সংকটত পৰাৰ অনুভৱ কৰি ত্ৰিপুৰী সকলৰ সাংবিধানিক অধিকাৰ আজুৰি আনিবলৈ এই দলৰ জন্ম হয়৷

নিৰ্বাচনত শাসকীয় বিজেপি অথবা বিজেপি বিৰোধী কংগ্ৰেছ আৰু লেফ্টৰ মিত্ৰযোঁটৰ অংশীদাৰ নহৈ মাণিক্যই ‘ একলা চলো ’ নীতি অৱলম্বন কৰে৷ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আছিল প্ৰদ্যুৎ মাণিক্য, কিন্তু দলীয় সংঘাটৰ পৰিণতিত কংগ্ৰেছ এ্ৰৰি নিজা দল গঠন কৰিলে ত্ৰিপুৰাৰ মহাৰজাই৷ বাঁও দল সমূহৰ সৈতে প্ৰদ্যুৎ কেতিয়াও একেলগে আহিব নোৱাৰে, কাৰণ ৰাজ পৰিয়াল আৰু কম্যিউনিষ্টৰ সংঘাট নতুন নহয়, বহু পুৰণি৷

তেনেহ’লে তিপ্ৰা ম’থা কাৰ পক্ষত থাকিব? শাসকীয় বিজেপিৰ পক্ষত থাকিব নেকি তিপ্ৰা ম’থা! ১৩ গৰাকী বিধায়কৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে দলটোৰ নেতা মাণিক্যক সাক্ষাৎ কৰাৰ খবৰটোৱে এতিয়া এই প্ৰশ্নটোৰ প্ৰাসংগিকতাও বঢ়াইছে৷ কিয়নো বাৰে বাৰে তিপ্ৰা ম’থাই তেওঁলোকৰ সাংবিধানিক সুৰক্ষাৰ বিষয়টোত গুৰুত্ব দিছে, সংবাদ মাধ্যমকো অৱগত কৰিছে৷ আৰু এই সুৰক্ষা বৰ্তমান তেওঁলোকক শাসক পক্ষইহে দিব পাৰিব৷ আত্মনিয়ন্ত্ৰণ অথবা স্বায়ত্বশাসনৰ দাবী কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্বা সমূহৰ লগত শাসক পক্ষই অন্য ৰাজ্য সমূহৰ লগত ৰখা সম্পৰ্কলৈ লক্ষ্য কৰি, আৰু অমিত শ্বাহৰ সাক্ষাৎৰ সময় চাই তিপ্ৰা ম’থাও যে আগন্তুক সময়ত বিজেপিমুখী হ’ব পাৰে, তাৰো নিশ্চয়তা এশ শতাংশ নাই বুলি একে আষাৰে কৈ দিব নোৱাৰি৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments