Monday, July 7, 2025
Homeঅসম৬ ,৭ এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

৬ ,৭ এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

ডিজিটেল ডেস্ক, Anews24×7: এইবাৰ কাজিৰঙাৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব গজ মহোৎসৱৰ কাৰ্যসূচী। সেয়ে অহা দুদিনীয়া কাৰ্যসূচীৰে ৬ এপ্ৰিলত কাজিৰঙালৈ আহিব দেশৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু।

এই সম্পৰ্কে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰকাশ কৰে যে ৬ আৰু ৭ এপ্ৰিলত কাজিৰঙাত আয়োজন কৰা গজ মহোৎসৱত দেশৰ ৰাষ্ট্ৰপতিগৰাকীয়ে অংশ গ্ৰহণ কৰিব লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ আৰু হাতী ছাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ উপভোগ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

কাজিৰঙাৰ বিভিন্ন স্থানত গজ মহোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব যদিও উচ্চস্তৰীয় বৈঠকৰ পাছতহে স্থানসমূহ নিৰূপন কৰা হ’ব বুলি মন্তব্য কৰে সঞ্চালক যতীন শৰ্মাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments