Sunday, July 6, 2025
Homeঅৰ্থনীতিইউৰোপত দেখা দিব পাৰে পেট্ৰলিয়ামজাত সামগ্ৰীৰ তীব্ৰ সংকটে

ইউৰোপত দেখা দিব পাৰে পেট্ৰলিয়ামজাত সামগ্ৰীৰ তীব্ৰ সংকটে

ডিজিটেল ডেস্ক ANEWS24X7: ক’ৰোণা মহামাৰীৰ ফলত সমগ্ৰ বিশ্বতে দেখা দিছে তীব্ৰ অৰ্থিক সংকটে ৷ ইয়াৰ পিছতে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই বিশ্ববাসীক আৰু অধিক সংকটৰ দিশে ঠেলি দিছে ৷ এনে উত্তেজনাৰ মাজতে ইউৰোপীয় দেশ সমূহলৈ আহিছে এটা বেয়া খবৰ ৷

৩১ আগষ্টৰ পৰা ৩ চেপ্তেম্বৰলৈ গেছ পাইপলাই বন্ধ কৰিছে ৰাছিয়াই ৷ ৰাছিয়াৰ চৰকাৰী কোম্পানী গেজপ্ৰমে পাইপলাইনত গেছৰ যোগান বন্ধ কৰিছে ৷ ইয়াৰ ফলত তীব্ৰ সংকটত পৰিব ইউৰোপৰ দেশ সমূহ ৷ ৰাছিয়াই ইতিমধ্যে বুলগেৰিয়া, ডেনমাৰ্ক, ফিনলেণ্ড, নেডাৰলেণ্ড আৰু পোলেণ্ডলৈ গেছ যোগান বন্ধ কৰি দিছে। ইয়াকে লৈ উদ্বেগ বৃদ্ধি পাইছে ইউৰোপৰ দেশ সমূহত ৷

অৱশ্যে ৰাছিয়াই মেৰামতিৰ বাবে গেছ পাইপলাইন বন্ধ কৰা হৈছে বুলি উল্লেখ কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাৰ্মানীৰ বিত্ত মন্ত্ৰী ৰবৰ্ট হেবেকে ৷ হেবেকে কয় যে ,‘‘পাইপলাইনত কোনো কাৰিকৰী বিজুতি হোৱা নাই ৷ ৰাছিয়াই ইচ্ছাকৃত ভাবে পাইপলাইন বন্ধ কৰিছে ৷’’ উল্লেখ্য যে , এনে পৰিস্থিতিৰ বাবে ইউৰোপৰ ১৯ খন দেশত জুলাই মাহৰ তুলনাত আগষ্ট মাহত মুল্যবৃদ্ধিৰ হাৰ ৯.১ শতাংশলৈ বৃদ্ধি পাইছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments