ডিজিটেল ডেস্ক, ANEWS24X7: লোক সভা নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগেই প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী কুচকাৱাজ দেখিবলৈ পোৱা গৈছে। পিছ পৰি ৰোৱা নাই বিপিএফ দল। আজি বাক্সা জিলাৰ শালবাৰীত বিপিএফৰ দলে এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। এই কাৰ্যসূচীত অংশগ্রহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। শালবাৰীৰ আনন্দ বজাৰৰ পৰা ভকুৱামাৰীলৈ প্ৰায় ২ কিলোমিটাৰ জোৰা পদযাত্ৰা কৰে বিপিএফ প্ৰধান গৰাকীয়ে।
শান্তি ঐক্য আৰু প্ৰগতিৰ হকে সহস্ৰাধিক সমৰ্থকক লগত লৈ পদ যাত্ৰা কৰে হাগ্ৰামা মহিলাৰীয়ে। তাৰ পিছতেই ভকুৱামাৰীত এখনি জনজাগৰণ সভা অনুষ্ঠিত কৰে। সভাত বিপিএফ প্ৰধান গৰাকীয়ে ভাষণ প্ৰসংগত ৰাইজৰ মাজত বিটিআৰ প্ৰধান প্ৰমোদ বড়োক তীব্র সমালোচনা কৰে।
সভাৰ অন্তত সাংবাদিকেৰে হোৱা এক সাক্ষাৎকাৰত হাগ্ৰামা মহিলাৰীয়ে কয়, ” আজিলৈ কোকৰাঝাৰ,চিৰাং,ওদালগুৰি আৰু বাক্সাত এই পদযাত্ৰা কাৰ্যসূচী ৫ দিন হ’ল। আজি বাক্সা জিলাৰ শালবাৰী আৰু মথনগুৰি পৰিষদীয় সমষ্টিত পদযাত্ৰা কৰিছো। শান্তি ঐক্য আৰু প্ৰগতিৰ হকে আমি এই কাৰ্যসূচী হাতত লৈছো। ২০২৪ চনৰ লোক সভা নিৰ্বাচনত ওদালগুৰি আৰু কোকৰাঝাৰত আমি নিজাববীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়াম। এইবাৰ আমি ৰাইজৰ যথেষ্ট সঁহাৰি পাবলৈ সক্ষম হৈছো। আমাৰ পদযাত্ৰা কাৰ্যসূচীত নিজাববীয়াকৈ হাজাৰ হাজাৰ মানুহ ওলাই আহিছে।”
আনহাতে প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয়, প্ৰমোদ বড়োৰ কথা মই নাজানো । প্ৰমোদ বড়োৱে কি কাম কৰি আছে ৰাইজে দেখি আছে। প্ৰমোদ বড়োৱে ৩ বছৰত একো কাম কৰিব পৰা নাই। কেবল নিজৰ পকেটখনহে গৰম কৰিব পাৰিছে। ২০২৪ ৰ লোকসভা নিৰ্বাচনত আমি জিকিম প্ৰমোদ বড়োক বিটিআৰৰ পৰা ২০২৫ ত ৰাইজে বিদায় দিব।” ইফালে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল হোৱা কামটো বেয়া হোৱা বুলি উল্লেখ কৰে । হাগ্ৰামা মহিলাৰীৰ লগত আজি দলৰ কেবাগৰাকীও নেতা কৰ্মীয়ে অংশগ্রহণ কৰা পৰিলক্ষিত হয়।