ডিজিটেল ডেস্ক, ANEWS24X7: আজিৰে পৰা তিনিদিনীয়াকৈ অসম মেঘালয় সীমান্তৰ ন’মাইলস্থিত USTMত আৰম্ভ হৈছে উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলনত বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ছশ উপাচাৰ্যই অংশগ্ৰহণ কৰে। প্ৰায় ৩০০খন উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগতে কেইবাজনো বৈদেশিক নীতি নিৰ্ধাৰকে অনলাইন পদ্ধতিৰে এই সন্মিলনত অংশগ্ৰহণ কৰে।
আনহাতে ইউ এছ টি এম চৌহদত উপস্থিত হয় ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।ইপিনে ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হোৱাৰ লগে লগে শিক্ষাৰ্থীসকলে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয় নৃত্য গীতেৰে উষ্ম আদৰণি জনোৱাৰ লগতে মেঘালয় প্ৰশাসনৰ তৰফৰ পৰাও আগবঢ়োৱা হয় বিশেষ সন্মান।
ইপিনে এই বিশেষ অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে এছ’চিয়েশ্বন অব ইণ্ডিয়ান ইউনিভাৰ্ছিটিজৰ সম্পাদক ড: পংকজ মিট্টাল, পদ্মশ্ৰী ড: বিবেক দেবৰয় প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আৰু শনিবাৰে এই বিশেষ সন্মিলনৰ সামৰণি পৰিব ।