ডিজিটেল ডেস্ক, ANEWS24X7: সাম্প্ৰতিক সময়ত মানৱীয়তা শব্দটোৰ মাজত কোনো সম্পৰ্কই নোহোৱা হৈ গৈছে । এতিয়া চৌদিশে কেৱল মৃত্যুৰ কিৰিলি । ইপিনে সঘনাই পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হোৱা ঘটনাই আতংকিত কৰি তুলিছে সকলোতে । আনহাতে অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত বি জে আই তৈল কূপত যোৱা ৮ মাৰ্চ, ২০২৩ তাৰিখে বিষাক্ত তেল, গেছ আৰু কণ্ডেছেট নিৰ্গত হয়।
উক্ত তৈল পদাৰ্থসমূহ কাষতে থকা মাগুৰি বিল আৰু খেতিপথাৰত উপচি পৰে আৰু সেই খেতিপথাৰতে ঘাঁ খাই দুৰ্বল হৈ পৰিছে পোহনীয়া জীৱ-জন্তু। ইপিনে বাঘজানস্থিত বি জে আই তৈল কূপৰ পৰা নিৰ্গত বিষাক্ত তেল, গেছ আৰু কণ্ডেছেটৰ প্ৰভাৱতে আজি দুটাকৈ গৰুৰ পোৱালি মৃত্যু হয় ।
এনেদৰে সঘনাই জীৱ-জন্তুৰ মৃত্যুয়ে আতংকিত কৰি তুলিছে স্থানীয় ৰাইজক। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কেতিয়া লৈ অইল ইণ্ডিয়া লিমিটেডে ইয়াৰ ওপৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব ? সেয়া পৰৱৰ্তী সময়ত হে লক্ষ্যণীয় হ’ব।