মেষ ৰাশি – আপোনাৰ খঙ কেতিয়াবা আপোনালোকক বিপদত পেলাব পাৰে। যি আপোনাৰ পৰিয়ালৰ মানুহবোৰক বিবুধিত পেলাই দিব পাৰে। সেইবোৰ লোক ভাগ্যৱান হয় যি নিজৰ খঙক নিয়ন্ত্ৰণ কৰিব পাৰে,ইয়াৰ আগত যাতে আপোনাৰ খঙে আপোনাক ধ্বংস কৰি নিদিয়ে তাৰ বাবে আপুনি তাক শেষ কৰি দিয়ক। আজি আপুনি আপোনাৰ সেইবোৰ আত্মীয়ক পইচা ধাৰে দিব নালাগে যিহতে আপোনাক আগৰ ধাৰে লোৱা পইচাই ঘুৰাই দিয়া নাই। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। সতেজ ফুলৰ দৰে আপোনাৰ প্ৰেমতো সতেজতা বাহাল ৰাখক। যাত্ৰা কৰাটো লাভদায়ক কিন্তু খৰচী বুলি প্ৰমাণিত হব। আপোনাৰ জীৱন সংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। বন্ধু নিঃসংগতা দূৰ কৰাৰ সকলোতকৈ ভাল মাধ্যমৰ এটা ,বন্ধুৰ লগত সময় অতিবাহিত কৰাটো আপোনাৰ আজিৰ দিনৰ সকলোতকৈ ভাল নিৱেশ হব ।
বৃষ ৰাশি – অসহজ হোৱা স্বভাৱটোয়ে আপোনাক মানসিক অশান্তি দিব পাৰে,কিন্তু কোনোবা বন্ধু আপোনাৰ সমস্যাৰ সমাধান উলিয়াওঁতে আপোনাক বহুত সহায় কৰিব । হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰুতি মধুৰ সংগীতৰ সহায় লওক । আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। অন্য মানুহ আপোনাক আশা আৰু সপোন দিব ,কিন্তু প্ৰকৃততে সকলো আকাংক্ষা আপোনাৰ নিজৰ কাম আৰু কষ্টৰ ওপৰত নিৰ্ভৰ কৰিব। যদি আপুনি আপোনাৰ প্ৰেমাস্পদৰ লগত কৰব্বত ফুৰিব গৈ আছে তেন্তে কাপোৰ ভাৱি চিন্তি পিন্ধিব । যদি আপুনি এনে নকৰে তেখেত বেয়া পব পাৰে। প্ৰেমাস্পদক সময় দিব চেষ্টা কৰিব কিন্তু লাগতিয়াল কাম এটা আহি পৰাত আপুনি এই পৰিকল্পনাত সফল হব নোৱাৰিব। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে । আজি আপুনি নিজকে সন্তুষ্ট কৰিবৰ বাবে অধিক সময় অতিবাহিত কৰিব যেনে চুলিত নতুন ডিজাইনৰ ষ্টাইল দিয়া ,স্পা কৰোৱা ,এইবোৰ কৰিলে আপুনি বহুত ভাল আৰু সতেজ অনুভৱ কৰিব।
মিথুন ৰাশি – আপোনাৰ জীৱন সংংগীৰ লগত পাৰিবাৰিক সমস্যাবোৰৰ সমাধান কৰক আৰু পৰস্পৰে পৰস্পৰক বুজাৰ চেষ্টা কৰক আৰু দুয়োজনে একেলগে সময় অতিবাহিত কৰিব চেষ্টা কৰিব আৰু নিজকে সফল দাম্পত্য হিচাপে প্ৰতিষ্ঠা কৰক ।আপোনাৰ সন্তানও ঘৰত সুখী অৰু শান্ত পৰিৱেশ লাভ কৰিব । ইয়াৰ ফলত আপোনাৰ দুয়োজনৰ মাজত বহুত ভাল ব্যৱহাৰ আৰু প্ৰকাশ কৰিব পাৰিব। যিবিলাক লোকে কোনোবা অজ্ঞাত লোকৰ পৰামৰ্শ অনুযায়ী কৰবাত আৰ্থিক বা অন্য কিবা পণ্য নিৱেশ কৰিছিল সিহঁতৰ আজি লাভ হোৱাৰ পুৰ্ণ সম্ভৱনা আছে। পৰিয়ালৰ লোক সকল আপোনাৰ আশা-আকাংক্ষা থিয় হব নোৱাৰিব । এই কথা কেতিয়াও নাভাবিব যে তেখেত আপোনাৰ সকলো কথা মানি লব অথবা আপোনাৰ মতে কাম কৰিব , আনকি নিজৰ কাম কৰাৰ পদ্ধতিৰ সলনি কৰক। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ , গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয় আৰু আপোনাৰ জীৱন সংগী আজি এই কথা প্ৰমাণ কৰিব। কোনো গছৰ ছাঁত বহি আজি আপুনি বহুত শান্তি লাভ কৰিব। জীৱনক আজি ওচৰৰ পৰা বুজি পাব আপুনি।
কৰ্কট ৰাশি – আজি আপোনাৰ দিনটো লাভত যাব আৰু আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। মা অথবা দেউতাৰ শাস্থ্যৰ ওপৰত আজি বহুত খৰচ হব পাৰে। ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে কিন্ত আপোনালোকৰ মাজৰ সম্বন্ধ কটকটীয়া হব। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। আজিৰ বতাহৰ এক এক চাটঁতে যেন প্ৰেমেই আৱৰি আছে , চকু খুলি চাওকচোন আপুনি গোটেই পৃথিৱীখনেই প্ৰেমৰ ৰংত ৰঙীন হোৱা দেখিব। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব।কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱা বাবে আপুনি আৰু সময় নাপাব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তু বোৰৰ অনুভৱ আপুনি আজি কৰিব । কাৰোবাক কাম দিয়াৰ আগতে নিজেই সেই কামৰ বিষয়ে সম্পূৰ্ণ তথ্য জানি ল’ব লাগে।
সিংহ ৰাশি – বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জল হ’ব। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিহতক পইচাতো ধাৰত দি দিব কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ জীৱন সংগী ৰ বোজা দূৰ কৰিবলৈ আপুনি ঘৰুৱা কাম-কাজত তেখেতক সহায় কৰিব ,ইয়াৰ ফলত আপোনাৰ লগত কাম কৰাৰ আনন্দ অনুভৱ কৰিব আৰু এক অজান সম্পৰ্ক অনুভৱ কৰিব। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব , দিনৰ আৰম্ভণি হব আপোনাৰ প্ৰিয়জনৰ এক হাহিঁদি আৰু ৰাতিৰ সমাপ্ত হব এই সপোনেদি । কৰ্মক্ষেত্ৰত আজি কাম এটা ৰৈ থকা বাবে আপোনাৰ সন্ধিয়াৰ মূল্যৱান সময়খিনি অপচয় হৈ যাব পাৰে। বিবাহৰ পিছত প্ৰেম হোৱাটো বহুত জটিল বুলি অনুভৱ হয় ,কিন্তু আপোনাৰ আজি অনুভৱ হব যে বিয়াৰ পিছত প্ৰেম প্ৰকৃততে সম্ভৱ। আপোনাৰ গোটেই দিন অবাবত নষ্ট হৈ গল বুলি দুখ কৰি নাথাকিব ,এতিয়া কেনেকৈ বাকী থকা সময় খিনি আপুনি ভালকৈ সময়ৰ ব্যৱহাৰ কৰিব সেই বিষয়ে চিন্তা কৰক।
কন্যা ৰাশি – আপোনাৰ দয়াবান প্ৰকৃতি আপোনাৰ এক আশীৰ্বাদ ৰূপে প্ৰকাশ পাব কাৰণ এই আশীৰ্বাদে আপোনাক সন্দেহ , অনৈতিকতা, লোভ আৰু হিংসা আদি বেয়া শক্তিৰ পৰা বচাই ৰাখিব। আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পুৰ্ণ সম্ভাৱনা আছে। ঘৰত ভালকৈ চলি থাকিবলৈ সকলোৰে লগত মিলি-জুলি কাম কৰক। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীবন ভালে যাব , আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হব। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। এই দিনটো আপোনাৰ কাৰণে বসন্তৰ দৰে হব-প্ৰেম আৰু সুখেৰে ভৰা ,য’ত আপুনি আৰু আপোনাৰ জীৱন লগৰী চিৰ জীৱন একেলগে থাকিব। আজি কালিৰ এই ব্যস্ততা ভৰা দিনবোৰত নিজৰ পৰিয়ালৰ লগত খুবেই কম সময় অতিবাহিত কৰিব পাৰি, কিন্তু আপোনাৰ হাতত আপোনাৰ প্ৰিয়জন আৰু আপোন মানুহৰ লগত সময় অতিবাহিত কৰাৰ বহুত ভাল সুযোগ আহি পৰিছে।
তুলা ৰাশি – পৰিয়ালত চিকিৎসাৰ খৰচ বাঢ়ি যোৱাটোক আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। সন্ধিয়াৰ সময়ত অলপ হাঁহিৰে ভৰা সময় নিজৰ সন্তানৰ লগত অতিবাহিত কৰক। অপ্ৰত্যাশিত ৰোমাঞ্চ আপুনি হঠাতে পাব পাৰে,যদিহে আপুনি বন্ধু-বান্ধৱৰ লগত সন্ধিয়া সময়ত ফুৰিব যাব পাৰে। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। আপোনাৰ জীৱন সংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব । জীৱনৰ আনন্দ নিজৰ লোকসকলক লগত লৈ চলাতহে হয়। এই কথা আজি আপুনি স্পষ্টভাৱে বুজি পাব।
বৃশ্চিক ৰাশি – খেলা-ধূলাই আপোনাক আকৰ্ষিত কৰিব আকৌ ধ্যান আৰু যোগ আপোনাক লাভান্বিত কৰিব। আজি অকল বহি নাথাকি এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। আজি সেই কাপোৰ নিপিন্ধিব যি কাপোৰ আপোনাৰ প্ৰিয়জনৰ পচন্দৰ নহয়, নহ’লে আপোনাৰ প্ৰিয়জনে দুখ পাব পাৰে। খালি সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আপোনাৰ ব্যস্ত দিনচৰ্যাৰ বাবে আপোনাৰ জীৱন সংগী আপোনাৰ ওপৰত সন্দেহ কৰিব পাৰে,কিন্তু দিনৰ অন্তত তেখেত আপোনাক বুজি পাব আৰু আকৌ আপোনাক আপোন কৰি লব। আজি হঠাৎ আপুনি অসুস্থ হৈ পৰিব পাৰে যাৰ ফলত আপুনি গোটেই দিন হতাশ থাকিব।
ধনু ৰাশি – মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। আজি আপুনি ভাল ভাৱে পইচা আয় কৰিব-কিন্তু দৈনন্দিন জীৱনত হোৱা অতিৰিক্ত খৰচৰ বৃদ্ধিয়ে আপোনাৰ সময় অধিক জটিল কৰি তুলিব। এনেকুৱা কামত সহযোগ কৰাৰ এএইটোয়ে ভাল সময় যত যুৱক আৰু যুৱতী সকল জড়িত থাকিব। যিয়ে নকওক কিয় ,ভালকৈ বুজি আৰু ভাৱি-চিন্তি কওক,কাৰণ ৰুক্ষ শব্দই শান্তি বিনষ্ট কৰে আৰু প্ৰিয়জনৰ লগত দূৰত্ব বঢ়াই তোলে। এই দিনটো এটা মহত্বপুৰ্ণ দিন বুলি পৰিগণিত হব। আজিঅৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব কিন্তু গধূলিলৈ দুৰৱৰ্তী অতিথিৰ আগমণে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব। যদি আপোনাৰ মাত সুৱলা হয় তেনেতে গান এটা গাই আপোনাৰ প্ৰেমিকক আজি আপুনি সুখী কৰিব পাৰিব।
মকৰ ৰাশি -আপোনাৰ হতাশাই আপোনাৰ স্বাস্থ্য বেয়া কৰি দিব পাৰে।পূৰণা কথা সমূহত ৰৈ থাকিলে সেয়ে আৰাম কৰিব চেষ্টা কৰক। ধনৰ আৱশ্যকতা যিকোনো সময়ত হব পাৰে সেইবাবে আজি যদি জয়ী হব বিচাৰে তেন্তে পইচাৰ সঞ্চয় কৰাৰ বাবে বিচাৰ বিবেচনা আৰম্ভ কৰক। পৰিয়ালত কোনোবা বৰিষ্ঠ লোকৰ বেয়া শাৰীৰিক অৱস্থাই আপোনাৰ চিন্তাৰ কাৰণ হব পাৰে। সাৱধানে থাকক , কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে কিন্তু ! আজি আপোনাৰ ওচৰত বহুত খালী সময় থাকিব আৰু এই সময়ৰ ব্যৱহাৰ আপুনি ধ্যান যোগ কৰি অতিবাহিত কৰিব পাৰে । আপুনি আজি মানসিক শান্তি লাভ কৰিব পাৰে। আপোনাৰ জীৱন সংগীৰ কিছু কামৰ বাবে আপুনি অন্যৰ আগত অসহজ অনুভৱ কৰিব পাৰে । কিন্তু পিছত আপুনি অনুভৱ কৰিব যে যি হৈছে ভালৰ বাবে হৈছে। আজি ঘৰত থাকিব কিন্তু ঘৰৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিব পাৰে।
কুম্ভ ৰাশি – আপোনাৰ স্বাস্থ্যক লৈ বেছি চিন্তা নকৰিব ,কাৰণ ইয়াৰ ফলত আপোনাৰ বেমাৰ আৰু বেছি বাঢ়িব পাৰে। আপোনাৰ ধন কত খৰচ হৈ আছে সেইবোৰত আপুনি দৃষ্টি দি থাকিব লাগিব নহলে অদূৰ ভৱিষ্যত ত সমস্যাৰ উদ্ভৱ হব পাৰে। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। আপোনাৰ কথা পতাৰ বা ভাৱ ব্যক্ত কৰাৰ শৈলী বহুত প্ৰশংসনীয় হব। আপোনাৰ জীৱন সংগী আজি শক্তি আৰু প্ৰেমেৰে ভৰপূৰ হব । চোছিয়েল মিডিয়াত বেছি সময় ব্যতিত কৰাটো আপোনাৰ সময়ৰ লোকচানৰ লগতে আপোনাৰ স্বাস্থ্যৰ কাৰণেও ক্ষতিকাৰক হব।
মীন ৰাশি – ধাৰ্মিক ভাৱনা বোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থান লৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। আপোনাৰ জীৱন সংগীৰ লগত অধিক বুজা-বুজি কৰিলে আপোনাৰ জীৱনত সুখ, সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমণ হব। প্ৰেমৰ ভৰপূৰ আনন্দ লওক। আজি আপুনি হঠাৎ ক’ৰবালৈ যাব লগা হ’ব পাৰে যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচাৰা পৰিকল্পনাত যতি পৰিব পাৰে। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে, এইটো এটা মনোৰঞ্জক যাত্ৰা হব আৰু আপুন নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব।