ডিজিটেল ডেস্ক, ANEWS24X7: অসমৰ জীয়ৰি মঙলদৈৰ জিণ্টিমণি কলিতাৰ বাসগৃহত এতিয়া আনন্দৰ পৰিৱেশ । WPLৰ ফাইনেলত মুম্বাই ইণ্ডিয়ানছ দল জয়ী হোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে মঙলদৈবাসী।
মুম্বাই ইণ্ডিয়ানছ দলে প্ৰথমখন WPLত জয়লাভ কৰাত উৎফুল্লিত হৈ পৰিছে জিণ্টিমণিৰ পৰিয়ালৰ লোকৰ লগতে সমগ্ৰহ অঞ্চলক।ফটকা ফুটাই আত্মীয়–স্বজনে আনন্দ–ফূৰ্তি কৰিছে লগতে ষ্টেডিয়ামত একেলগে খেল উপভোগ কৰা দৰ্শকৰ মাজতো আনন্দৰ লহৰ।
ইপিনে Women’s Premier League (WPL) ২০২৩ ৰ ফাইনেল অনুষ্ঠিত হৈছিল মুম্বাইত আৰু ফাইনেলত দেলহী কেপিটেলছৰ বিৰুদ্ধে ৭ উইকেটত জয়ী হৈছিল মুম্বাই ইণ্ডিয়ানছ। আনহাতে প্ৰথমে বেটিং কৰি দেলহী কেপিটেলছে ১৩২ ৰানৰ লক্ষ্য বান্ধিছে । মুম্বাই ইণ্ডিয়ানছ দলে ৩টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৩৪ ৰান।