ডিজিটেল ডেস্ক, A NEWS 24×7 : প্ৰায়েই ন ন ৰূপত অৱতাৰ হয় মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। কেতিয়াবা যদি অংক মাষ্টৰৰ ৰূপত আকৌ কেতিয়াবা ভাৱৰীয়াৰ ৰূপত পৰিলক্ষিত হয় বিধায়ক গৰাকী। কিন্তু এইবাৰ তেনে নহয়।
বৃহস্পতিবাৰে বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে ভক্তিৰসত ডুব গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মী। প্ৰশ্নোত্তৰ শিতান চলি থাকাৰ মাজতে ৰাম নৱমী উপলক্ষে বিধানসভাত প্ৰাৰ্থনা বিজেপি বিধায়কজনৰ। বিধানসভাৰ মজিয়াতে গালে ৰাম চিয়া ৰাম
আজি ৰাম নৱমী। পুৰুষোত্তম নামেৰে পৰিচিত ভগৱান ৰামক পূজা কৰাৰ বাবে ৰাম নৱমীক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। সেয়েহে ৰাম নৱমীৰ দিনা বিধানসভাৰ মজিয়াতে ৰামক আৰাধনা কৰিলে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ধৰ্মীয় বিশ্বাস অনুসৰি ৰাম নৱমীৰ দিনা ভগৱান ৰামৰ জন্ম হৈছিল। হিন্দু পঞ্জিকা অনুসৰি চ’ত মাহৰ শুক্ল পক্ষৰ নৱমী তিথিত ৰাম নৱমী পালন কৰা হয়।